![]()
স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ ভয়ত অন্যান্য চিকিৎসাৰ কথা আমি প্রায় পাহৰিয়েই গৈছোঁ। উদাহৰণ হিচাবে আজি এটা বিশেষ সমস্যাৰ কথা উল্লেখ কৰিব বিচাৰিছো। বহু শিশুৰ শ্রবণ শক্তিৰ সমস্যা থাকে। প্রতি ১০০ জন শিশুৰ ভিতৰত ৪ জনে স্বাভাবিকভাবে শুনিব নাপায়। অথচ পিতৃ-মাতৃ বা ঘৰৰ অন্যসকলে মনোযোগ নিদিয়ে বা চিকিৎসকক নজনায় বাবে ধৰা নপৰে। আৰু ইয়াৰ ফলত শিশুৰ কথা কোৱাৰ সমস্যা হয়। বংগৰ বিশিষ্ট ইএনটি বিশেষজ্ঞ শান্তনু বেনাৰ্জীয়ে এনেদৰে কয়।
মানুহে তিনি প্ৰকাৰে শিকে— দেখি, শুনি আৰু ঠেকি। যদি জন্মৰ সময়ৰ পৰাই কাণেৰে শুনাত অসুবিধা হয় তেনেহ’লে কথা শিকিব কেনেদৰে!

পৃথিবীৰ বহু কেইখন দেশত সদ্যোজাতৰ শ্রবণ ক্ষমতা পৰীক্ষা কৰাটো বাধ্যতামূলক। আমাৰ দেশৰ কিছু কিছু চৰকাৰী-বেচৰকাৰী হস্পিটেলত জন্মৰ পিছত শিশুৰ শ্রবণ শক্তি পৰীক্ষা কৰা হয় এ এ ই অর্থাৎ অটো একোৱাস্টিক এমিচন টেস্টৰ দ্বাৰা। কিন্তু ৰাজ্যৰ বেছিভাগ চৰকাৰী হস্পিটেলত এই পৰীক্ষাৰ কোনো ব্যৱস্থা নাই। সেয়ে পিতৃ-মাতৃয়ে শিশুৰ শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি চিকিৎসকে কয়।
অন্যান্য বহু অসুখত দৰে কাণেৰে শুনাৰ অসুবিধা যদি জন্মৰ সময়ত ধৰা পৰি যায়, তেতিয়াহ’লে ভবিষ্যতৰ বহু জটিলতাই ৰোধ কৰিব পৰাৰ উপৰি শিশুক স্বভাবিক জীবনলৈ ঘূৰাই আনিব পৰা যায় বুলি চিকিৎসকগৰাকীয়ে কয়।
শিশুৰ বধিৰতাৰ কাৰণ

গর্ভাৱস্থাত হ’বলগা মাতৃৰ কিবা অসুখ-বিসুখ আৰু কাণৰ গঠনগত কিবা ত্রুটি-বিচ্যুতি থাকিলে শিশুৰ শ্রবণ ক্ষমতাৰ সম্পূর্ণ ব্যবস্থাপনাত নানা ত্রুটি দেখা যাব পাৰে বুলি ইএনটি বিশেষজ্ঞই কয়। যিবোৰ কাৰণত শিশুৰ জন্মগত শ্রবণ ক্ষমতাৰ সমস্যা হ’ব পাৰে সেইবোৰ হ’ল :
• হ’বলগা মাতৃৰ যদি মাম্পছ, ৰুবেলা, হাৰপিছ, চিকেন পক্স বা টক্সোপ্লাছমোচিছৰ দৰে ভাইৰাছজনিত সংক্রমণ হয় তেনেহ’লে শিশুৰ জন্মগত বধিৰতাৰ সম্ভাৱনা থাকে।
• গর্ভাৱস্থাত মাতৃয়ে কোনো ঔষধ খালে তাৰ বিৰূপ প্রতিক্রিয়া হিচাবে শিশুৰ শ্রবণ সংক্রান্ত নার্ভ বা সম্পূর্ণ চিস্টেমৰ ত্রুটি কৰিব পাৰে।
• কাণ বা শ্রবণ যন্ত্রৰ, বিশেষকৈ অন্তর্কর্ণৰ কোনো গঠনগত ত্রুটি থাকিলে জন্মগত বধিৰতাৰ সম্ভাবনা প্রবল।
• অডিটৰি নার্ভৰ ওচৰত কোনো টিউমাৰ থাকিলে সমস্যা হয়।
• গর্ভাৱস্থাত মাতৃৰ আঘাত লাগিলে শিশুৰ শ্রবণ যন্ত্র ক্ষতিগ্রস্ত হ’ব পাৰে।
কাণেৰে শুনাত অসুবিধা হয় কিয়?
জন্মৰ পিছত বহু কাৰণত শিশুৰ শ্রবণ যন্ত্র ক্ষতিগ্রস্ত হয় বুলি চিকিৎসকে কয়।
• নির্ধাৰিত সময়ৰ পূৰ্বে আৰু স্বাভাবিকতকৈ কম ওজন লৈ জন্ম হলে শিশুৰ শ্রবণতন্ত্রৰ গঠনগত ত্রুটি থাকিব পাৰে।
• কোনো কাৰণত কাণৰ পর্দা ক্ষতিগ্রস্ত হ’লে আৰু সময়মতে চিকিৎসা ন’হলে শিশুৰ কাণেৰে শুনাৰ ক্ষমতা নষ্ট হৈ যায়।
• শুনাৰ সমস্যাৰ সকলোতকৈ ডাঙৰ কাৰণ ঠান্ডা লাগি একাধিকবাৰ চর্দি-কাহ। ইয়াৰ ফলত নাক আৰু কাণৰ সংযোগকাৰী ইউস্টেচিয়ান টিউবত চর্দি জমা হৈ কাণৰ শুনাৰ ক্ষমতা কমি যাব পাৰে।
• কাণত কিবা সোমালেও আৰু সেয়া বাহিৰ নকৰিলে শ্রবণযন্ত্র ক্ষতিগ্রস্ত হয়।
• মেনিনজাইটিছ বা এই ধৰণৰ কোনো সংক্রমণ হ’লে কান ক্ষতিগ্রস্ত হ’ব পাৰে।
• কাণত ময়লা জমা হোৱা আৰু খোঁচাখুঁচি কৰিবলৈ গ’লে কাণৰ পর্দা ক্ষতিগ্রস্ত হয়, ফলত শুনাৰ ক্ষমতা ধীৰে ধীৰে লোপ পায়।
পৰীক্ষা কৰোৱা দৰকাৰ
![]()
মাতিলে বা জোৰে শব্দ হ’লে শিশুই উচপ খাই উঠিলে বা ভয় পাই কান্দিলে সমস্যা নাই। কিন্তু যদি কোনো শব্দতেই শিশুই প্ৰতিক্ৰিয়া নকৰে, বুজিব লাগিব সমস্যা আছে। ১২-১৫ মাহ বয়সত শিশুই মা, বাবা, দাদা ইত্যাদি ক’বলৈ শিকে। মাতিব নোৱাৰিলে বুজিব লাগিব, সমস্যা আছে। তেনে ক্ষেত্রত অৱশ্যেই নিওনেটাল হিয়াৰিং স্ক্রিনিং কৰা উচিত। জন্মৰ সময়তেই এই পৰীক্ষাসমূহ কৰোৱা ভাল। এই পৰীক্ষাসমূহ যন্ত্রণাহীন আৰু উচ্চ প্রযুক্তিৰ যন্ত্রপাতিৰ সহায়ত কৰা হয়। আৰু দ্রুতভাৱে ৰোগ নির্ণয় কৰা যায়। গতিকে কোনো সন্দেহ হ’লে অৱশ্যেই চিকিৎসকক দেখুওৱা উচিত।
হিয়াৰিং এড বা অন্য চিকিৎসা জৰুৰী
হিয়াৰিং টেষ্ট কৰি যদি দেখা যায়, শুনাৰ সহায়ক নার্ভ অর্থাৎ ককলিয়াৰ নার্ভ দুর্বল, তেতিয়া সৰু বয়সৰ পৰাই হিয়াৰিং এডৰ সহায় লোৱা উচিত। উচ্চ ক্ষমতা সম্পন্ন ডিজিটেল হিয়াৰিং এডৰ দ্বাৰা শুনাৰ সকলো ঘাটি দূৰ কৰিব পাৰি। সৰু বয়সৰ পৰা হিয়াৰিং এড দিলে শিশুসকলে তৎক্ষণাত মানি ল’ব পাৰে।
আৰু ভবিষ্যতে কোনো সমস্যাও নহয়। যদি কোনো শিশুৰ ককলিয়াৰ নার্ভ ভয়ানকভাৱে ক্ষতিগ্রস্ত হয় তেনেহ’লে তেওঁলোকক হিয়াৰিং এডে কাম নকৰিবও পাৰে। তেওঁলোকৰ শ্রবণ ক্ষমতা ঘূৰাই অনাৰ একমাত্র উপায় ককলিয়াৰ প্রতিস্থাপন। বিশেষ ছার্জাৰিৰ সহায়ত তেওঁলোকৰ ইয়াৰ বা অন্তর্কর্ণ আৰু মস্তিষ্কৰ মাধ্যৱৰ্তী অঞ্চলত এই ককলিয়াৰ নামক অত্যন্ত উচ্চ প্রযুক্তিৰ যন্ত্রটি প্রতিস্থাপন কৰা হয়।
ইয়াৰ পিছত কিছুদিন অডিটৰি ট্রেইনিংৰ সহায়ত তেওঁলোকে শুনিবলৈ আৰু কথা ক’বলৈ শিকে। এই ছার্জাৰিৰ পিছত অভিজ্ঞ অডিওলজিষ্ট তথা স্পিচ থেৰাপিষ্টৰ দ্বাৰা নিয়মিত প্রশিক্ষণ দিয়ক।গতিকে শিশুৰ শুনাৰ অসুবিধা থাকিলে ক’ৰোনাৰ ভয়ত বহি নাথাকি অবশ্যেই চিকিৎসকৰ পৰামর্শ লোৱা উচিত।
সৌজন্য : আনন্দবাজাৰ পত্ৰিকা*****













