![]()
স্বাস্থ্য প্ৰতিবেদন:
সামান্য জ্বৰ আৰু ডিঙিৰ বিষ লৈ ডাক্তৰৰ ওচৰলৈ যাওঁতে ছোৱাব টেষ্ট কৰা হ’ল। জনা গ’ল আপোনাৰ ক’ৰোনা পজিটিভ, কিন্তু উপসর্গ অত্যন্ত সাধাৰণ আৰু অন্য কোনো ক্রনিক অসুখ নাই। বয়সো খুব বেছি নহয়। সেয়ে ঘৰতে থাকি অৱস্থা চম্ভালিব লাগিব। কোভিড-১৯ পজিটিভত যেতিয়া ঘৰতে থাকিব, তেতিয়া কিছু নিয়ম মানি চলাৰ লগে লগে নির্দিষ্ট অনুশাসনত থাকিবলগা হয়।

কলকাতাৰ বেলেঘাটা আইডি হস্পিটেলৰ সংক্রামক ৰোগ বিশেষজ্ঞ যোগীৰাজ ৰয়ে জনায়, যিসকলৰ কোনো উল্লেখযোগ্য কো-মর্বিডিটি নাই, বয়স খুব বেছি নহয় আৰু নিজেই নিজৰ খেয়াল ৰাখিব পাৰে একমাত্র সেইসকল ক’ৰোনা পজিটিভক ঘৰতে পর্যবেক্ষণত ৰাখিব পৰা যায়। আক্রান্ত লোকজনক এনে এটি ঘৰত ৰাখিব লাগিব য’ত সংলগ্ন বাথৰুম আছে, যাতে তেওঁ স্নান বা অন্য কাৰণত ঘৰৰ বাহিৰলৈ যাবলগীয়া নহয়। ঘৰৰ অন্যান্য সদস্যসকলৰ পৰা তেওঁ সম্পূর্ণ পৃথক হৈ থাকিব লাগিব ১৪ দিন। ক’ৰোনা আক্রান্ত মানুহে হোম আইছলেচনত থকা সময়ত ঘৰৰ দৰজা বন্ধ ৰখা দৰকাৰ। অৱশ্যে বাহিৰৰ ফালে নেট থাকিলে সেয়া খুলি ৰাখিব পাৰে। ৰোগীৰ অৱস্থা ষ্টেবল আছেনে নাই জানিবলৈ নিয়মিত তেওঁক মনিটৰিং কৰা আৱশ্যক, কয় যোগীৰাজে।

ক’ৰোনা পজিটিভ মানুহ হোম কোৱাৰাইন্টিনত থাকিলে ঘৰত নিশ্চিতভাবে এটি কার্যকৰী পালছ অক্সিমিটাৰ ৰাখিব লাগিব। এই কথা কয় আলিপুৰদুৱাৰৰ সংক্রামক ৰোগ বিশেষজ্ঞ সুবর্ণ গোস্বামীয়ে। নিয়মিত আক্রান্তৰ শৰীৰৰ অক্সিজেনৰ পৰিমাণ পর্যবেক্ষণ কৰা দৰকাৰ। কিয়নো কোভিড-১৯ ভাইৰাছ সংক্রমণৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন অংশত, বিশেষকৈ হাওঁফাওঁৰ সূক্ষ্ম ৰক্তজালিকাত জমা হোৱা ৰক্তৰ চেঁকুৰা (ব্লাড ক্লট) বন্ধ হৈ যায়। ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ মাত্রা কমি যাব পাৰে। কিন্তু ৰোগী বিশ্রামত থকাত তেওঁৰ শ্বাসকষ্ট বা অন্য সমস্যা খুব এটা বুজি পোৱা নাযায়। এইটোক কয় হেপি হাইপক্সিয়া, কয় চিকিৎসক গোস্বামীয়ে।
পালছ অক্সিমিটাৰেৰে প্রত্যেক দিনাই নিয়ম কৰি শৰীৰত অক্সিজেনৰ মাত্রা পৰীক্ষা কৰিব লাগিব। প্ৰয়োজন মতে দিনে ৩–৪ বাৰ অক্সিজেনৰ মাত্রা পৰীক্ষা কৰক। শৰীৰত অক্সিজেনৰ মাত্রা ৯৪তকৈ কম হ’লে হস্পিটেলত ভর্তি হ’ব লাগিব বা ঘৰতে অক্সিজেন দিয়া দৰকাৰ। নহ’লে ৰোগীৰ অৱস্থা হঠাৎ শোচনীয় হৈ যাব পাৰে বুলি জনায় যোগীৰাজে। ক’ৰোনা আক্রান্ত মানুহে যদি অন্য কোনো শাৰীৰিক কষ্ট অনুভৱ কৰে, তেতিয়াহ’লে তুৰন্তে ঘৰৰ অন্যসকলক বিষয়টো জনোৱা উচিত। প্রয়োজনবোধ কৰিলে কোভিড হস্পিটেলত ভর্তি কৰা আৱশ্যক।
যোগীৰাজ ৰায়ে জনায় যে যিসকলৰ ব্লাড প্রেছাৰ বা ডায়েবেটিছ নিয়ন্ত্রণত আছে আৰু সামগ্রিকভাবে ভাল স্বাস্থ্য তেওঁলোকো যদি কোভিড পজিটিভ হয় ঘৰতে থাকিব পাৰে। কিন্তু এই ক্ষেত্রত নিয়মিত মনিটৰিং কৰিব লাগিব। সুবর্ণ গোস্বামীয়ে জনায় যে ঘৰত ক’ৰোনা আক্রান্ত থাকিলে ঘৰৰ অন্য সদস্যসকল বহুখিনি সাৱধানে থাকিব লাগিব। এই ক্ষেত্রত প্রত্যেকেই যথাযথ মাস্ক পিন্ধি থকা দৰকাৰ। একাধিকবাৰ চাবোনেৰে হাত ধোৱাসহ সামগ্রিক পৰিচ্ছন্নতা মানি চলা দৰকাৰ। কোভিড আক্রান্তসকলৰ উপসর্গ কম হ’লেও সাৱধানতা হিচাবে কিছু ঔষধ দিয়া হয়।
নিয়ম মতে সেই ঔষধ খোৱা উচিত। ৰোগীক ঘৰতে ৰন্ধা খাদ্য খাব দিব লাগিব। দৰজাৰ বাহিৰৰ পৰা ঢাকোন দিয়া খাদ্য দিব লাগে। অকাৰণত হস্পিটেলৰ বিছনা অৱৰোধ কৰি ৰাখিলে যাত প্রকৃত প্ৰয়োজন তেওঁলোকে অক্সিজেন আৰু চিকিৎসা নাপাব। সেয়ে কম বয়সীয়া বা যাৰ উপসর্গ বহু কম তেওঁলোকক ঘৰতে ৰাখি চিকিৎসা কৰা উচিত বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। যিসকলৰ ঘৰত পৃথক ঘৰ বা আইছলেচনত থকা স্থানৰ অভাৱ তেওঁলোকক অৱশ্যেই কোভিড কোৱাৰেইন্টিন চেণ্টাৰত থকাৰ ব্যৱস্থা কৰিব লাগিব।
বহু সময়ত হঠাৎ কোভিড পজিটিভ ৰোগীৰ মাৰাত্মক শ্বাসকষ্ট দেখা যাব পাৰে। তেওঁলোকে দাবী কৰিব পাৰে যে পূৰ্বতে কোনো উপসর্গ নাছিল। কিন্তু এই দাবী মানিবলৈ ৰাজী নহয় যোগীৰাজ। তেওঁৰ মতে বেছিভাগ তথাকথিত এচিম্পটোমেটিক ক’ৰোনা পজিটিভৰ কোনো নহয় কোনো উপসর্গ থাকেই। অলপ ডিঙিত বিষ, মূৰৰ বিষ বা কাহ থাকিলেও তেওঁলোক ডিনায়েল মোডত থাকে। নিজকেই আশ্বস্ত কৰে মোৰ ক’ৰোনা হ’বই নোৱাৰে। এচিত থকাৰ বাবে মোৰ এনেকুৱা হৈছে। এইবুলি ভাবি থাকি বহুতে ভুল থাকে। এওঁলোকৰ ভিতৰত বহুতৰেই হঠাৎ শ্বাসকষ্ট হ’ব পাৰে। সেয়ে কোনো ধৰণৰ শাৰীৰিক অসুবিধাকে অগ্রাহ্য কৰিবলৈ মানা কৰিলে দুই বিশেষজ্ঞ চিকিৎসকেই। সতেজ খাদ্য, ফল, পাচলি, গাখীৰ বা দৈ খাদ্যৰ তালিকাত থাকিলে পৃথককৈ ভিটামিন খাদ্যৰ দৰকাৰ নাই বুলি অভিমত চিকিৎসকসকলৰ। কিন্তু গৃহবন্দী হৈ থকা সময়ত নিয়ম মতে পুৱা-গধূলি প্রাণায়াম জাতীয় শ্বাসৰ ব্যায়াম কৰিলে ভালে থকা যায়।
জ্যেষ্ঠসকল নির্দিষ্ট ঘৰত হোম কোৱাৰেইন্টিনত থাকোতে শিশুসকলক এটা ঘৰত আবদ্ধ কৰি ৰখাটো অতি কঠিন বুলি কয় শিশু ৰোগ বিশেষজ্ঞ শমীক ঘোষ। কিন্তু এইটোও ঠিক কোভিড আক্রান্ত হ’লে শিশুসকলৰ তেনেধৰণৰ কোনো উল্লেখযোগ্য শাৰীৰিক সমস্যা নাথাকিলেও তেওঁলোকৰ পৰা ঘৰৰ ডাঙৰসকলৰ মাজত বিয়পি পৰাৰ সম্ভাৱনা খুব বেছি।
শমীকে জনায় যে সুস্বাস্থ্যৰ অধিকাৰী পিতৃ-মাতৃ, মাহী-পেহী যিকোনো এজনে শিশুৰ চোৱাচিতাৰ দায়িত্ব ল’ব লাগিব। ঘৰৰ বয়স্ক লোকসকল শিশুৰ পৰা নিৰাপদ দূৰত্বত থকা বাধ্যতামূলক। শিশুটিক সাধুৰ চলেৰে বিভিন্ন খেলাৰ মাধ্যমেৰে ভুলাই ফুচুলাই ঘৰত আবদ্ধ কৰি ৰখাৰ উপৰি তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিব লাগিব।
মনত ৰাখিব, গণ সংক্রমণ আৰম্ভ হৈ গৈছে, নিজে সাৱধান হ’ব লাগিব। যথাযথ মাস্ক পিন্ধি আৰু মানুহৰ মাজত দূৰত্ব বজায় ৰাখি কোভিড-১৯ক দূৰৈত ৰাখক। কুশলে থাকক।
****সৌজন্য : আনন্দবাজাৰ পত্ৰিকা****













