
নিউজ ডেস্ক :
বিগত জুন মাহত কৰোনা ভাইৰাছত আক্রান্ত হৈছিল বিচিচিআইৰ সভাপতি সৌৰভ গাঙ্গুলিৰ বৌয়েক। এইবাৰ মহাৰাজৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিস গাঙ্গুলিৰ শৰীৰতো মাৰণ ভাইৰাছে বাহ লৈছে বুলি ক্রিকেট এছোচিয়েচন অব বেঙ্গল বা চিএবিৰ তৰফৰ পৰা জনোৱা হৈছে। তেওঁলোকৰ বক্তব্য, কিছু দিন ধৰি জ্বৰত ভুগিছিল সচিব স্নেহাশিস। তেওঁৰ কৰোনা টেষ্ট কৰা হৈছিল। ফলাফল পজিটিভ আহিছে বুলি চিএবিয়ে জনাইছে।
এমাহ পূৰ্বে পত্নীৰ সৈতে তেওঁও কৰোনা ভাইৰাছত আক্রান্ত হৈছে, এনে খবৰ উলাই কৰিছিল স্নেহাশিস গাঙ্গুলিয়ে নিজেই। আক্রান্ত পত্নী, শহুৰ আৰু শাহুক মোমিনপুৰৰ ঘৰতে ৰাখি বেহালাৰ পৈতৃক ঘৰলৈ গুচি আহিছিল চিএবিৰ সচিবগৰাকী। কৰোনাত সংক্রমিত স্নেহাশিসক সেই ঘৰৰ পৰা দক্ষিণ কলকাতাৰ বেল ভিউ হস্পিটেলত ভর্তি কৰা হৈছে বুলি জনোৱা হৈছে। এই খবৰে ৰাজ্যৰ ক্রিকেট মহল আতঙ্কৰ পৰিবেশ সৃষ্টি কৰিছে।
হোম কোৱাৰেন্টাইনত সৌৰভ
ভাতৃ স্নেহাশিস গাঙ্গুলি কৰোনা ভাইৰাছত আক্রান্ত হোৱাত কনিষ্ঠ ভাতৃ তথা ভাৰতীয় ক্রিকেটৰ ‘দাদা’ সৌৰভ গাঙ্গুলিক নির্ধাৰিত স্বাস্থ্য বিধি মানি বেহালাৰ পৈতৃক ঘৰতে হোম কোৱাৰেন্টাইনত থাকিবলৈ কৈছে প্রশাসনে। মহাৰাজৰ পত্নী ডোনা গাঙ্গুলি, জীয়াৰী সানা আৰু মাতৃয়েও বাধ্যতামূলক হোম কোৱাৰেন্টাইনত থাকি লাগিব বুলি চিএবিৰ তৰফৰ পৰা জনোৱা হৈছে।













