
২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব বিশ্ব কাপ ফুটবল৷ এই বিশ্ব কাপৰ সূচী ঘোষণা কৰিছে ফিফাই৷ এই বিশ্ব কাপ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে শীতকালত এই ফুটবল বিশ্ব কাপ অনুষ্ঠিত হ’ব৷ ৬০ হাজাৰ দৰ্শৰ বিশিষ্ট আল বেয়াত ষ্টেডিয়ামত ২১ নৱেম্বৰত উদ্বোধনী মেচ অনুষ্ঠিত হ’ব৷ সূচী অনুসৰি গ্ৰুপ পৰ্যায়ৰ মেচ ১২ দিন ধৰি হ’ব৷ প্ৰতিদিনে চাৰিখন মেচ আয়োজন কৰা হ’ব৷ স্থানীয় সময় দিনৰ ১, বিয়লি ৪, সন্ধিয়া ৭ আৰু ৰাতি ১০ বজাত মেচবোৰ অনুষ্ঠিত হ’ব ৷

গ্ৰুপ পৰ্যায়ৰ পাছত ৰাউণ্ড মেচ আৰু নকআউট পৰ্যায়ৰ খেল সন্ধিয়া ৬ আৰু ৰাতি ১০ বজাত অনুষ্ঠিত হ’ব৷ ১৭ ডিচেম্বৰত খালিফা আন্তৰ্জাতিক ষ্টেডিয়ামত তৃতীয় স্থান নিৰ্ণয়ৰ মেচ অনুষ্ঠিত হ’ব৷ তাৰ পাছ দিনা সন্ধিয়া ৬ বজাত ফাইনেল খেল অনুষ্ঠিত হ’ব৷ ফাইনেল খেলখন লুছেল ষ্টেডিয়ামত আয়োজন কৰা হ’ব৷ এইখন ষ্টেডিয়াম ৮০ হাজাৰ আসন বিশিষ্ট৷ তদুপৰি ছেমিফাইনেল হ’ব ৰাতি ১০ বজাত৷ এই ফুটবল বিশ্ব কাপত ৩২ টা দলে অংশ গ্ৰহণ কৰিব৷













