![]()
নিউজ ডেক্স:
টি-২০ বিশ্ব কাপ নহয়। এছিয়া কাপো বাতিলৰ ঘোষণা কৰিলে দিয়েছেন বিচাচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। এই দুই টুৰ্ণামেন্ট বাতিল হোৱাৰ অর্থ, আইপিএল আয়োজনত কোনো বাধা নাথাকে। ছেপ্টেম্বৰৰ শেষত বা নৱেম্বৰৰ আৰম্ভণিত এই টুৰ্নামেণ্ট আয়োজনৰ পৰিকল্পনা কৰিছে বিচিচিআই-এ৷
ইপিনে ক্রিকেট অষ্ট্ৰেলিয়াই আইপিএলৰ বাবে খেলুৱৈসকলক সাজু হ’বলৈ কৈছে৷ এতিয়া সকলোৰে মাজত প্ৰশ্ন, ক’ত হ’ব এই টুৰ্নামেণ্ট৷ কাৰণ এই মুহূৰ্তত ভাৰতত ক’ৰোনা সংক্ৰমণ তীব্ৰ গতিত হৈছে৷
বিদেশৰ মাটিতে আয়োজন কৰাৰ কথা চিন্তা কৰা হৈছে৷ বিচিচিআইৰ এজন বিষয়ববীয়াই জনোৱা মতে শ্ৰীলংকা, সংযুক্ত আৰব আমিৰশাহীৰ লগতে নিউজীলেণ্ড আইপিএল আয়োজনত আগ্ৰহী৷ কিন্তু নিউজীলেণ্ড ব’ৰ্ডে জনাইছে সেয়া উৰাবাতৰি৷
এতিয়া আইপিএল আয়োজনত বিচিচিআইৰ বিকল্প হ’ল শ্ৰীলংকা আৰু সংযুক্ত আৰব আমিৰশাহী৷ যোৱা ২৯ মাৰ্চত আইপিএল আৰম্ভ হোৱাৰ কথা আছিল৷ তাৰ পাছত ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হ’ল৷ ইয়াৰ পাছত অনির্দিষ্টকাললৈ পিছুৱাই দিয়া হ’ল৷













