
ক’ৰোনা ভাইৰাছৰ বাবেই বাতিল হ’ল এছিয়া কাপ৷ বুধবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা নিশ্চিত কৰে৷ গাংগুলীয়ে কয়, ছেপ্টেম্বৰত এছিয়া কাপ হোৱাৰ কথা আছিল৷ এইবাৰ এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান৷ শ্ৰীলংকাত এই টুৰ্ণামেণ্ট আয়োজনৰ চেষ্টা কৰিছিল আয়োজক পিচিবিয়ে৷ আইপিএলক বাদ দি পাকিস্তানে এই টুৰ্ণামেণ্ট আয়োজনৰ ব্যৱস্থা কৰিছিল ৷
কিন্তু সেয়া নহ’ল ৷ আনহাতে টি-২০ বিশ্ব কাপও প্রায় বাতিল হোৱাৰ পথত৷ ইপিনে, বুধবাৰৰ মাজনিশাৰ পৰা মেলবৰ্ণত লকডাউন আৰম্ভ হৈছে৷ উল্লেখ্য যে যোৱা এছিয়া কাপত ভাৰত চেম্পিয়ন হৈছিল৷ তেতিয়া বিৰাট কোহলিৰ বিশ্ৰামৰ বাবে ৰোহিত শৰ্মাই দলৰ নেতৃত্বৰ ভাৰ লৈছিল৷ গ্ৰুপ পৰ্যায়ত দুবাৰ পাকিস্তানক ভাৰতে পৰাস্ত কৰিছিল৷ ফাইনেলত বাংলাদেশক হৰুৱাই ভাৰত চেম্পিয়ন হৈছিল৷













