![]()
নিউজ ডেক্স:
চলিত বছৰৰ মাৰ্চ মাহত শেষবাৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷ তাৰ পাছত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে বন্ধ হৈ পৰে ক্ৰিকেট খেল৷ বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতত লকডাউনৰ পৰা লাহে লাহে আনলক হৈছে৷ কিন্তু বিৰাট কোহলি বাহানী কেতিয়া খেলত নামিব সেয়া জানিব পৰা নাই৷
ইয়াৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ লগতে ৱেলছ ক্ৰিকেট ব’ৰ্ডে স্বাভাৱিক ছন্দ ঘুৰাই অনাত পদক্ষেপ আগবঢ়াইছে৷ এই দুয়োখন দেশৰ হাতত ধৰি ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেট যুগ সূচনা হ’ব৷ আজি প্ৰথম টেষ্টৰ মুখামুখি হ’ব দুয়োটা দল৷
অৱশ্যে দৰ্শকৰ আসনত দিব চমক৷ তিনিখন টেষ্ট মেচৰ ছিৰিজটোৰ বাবে কিছুদিনৰ আগতেই ইংলেণ্ড পাইছিলগৈ জেছন হ’ল্ডাৰৰ বাহিনী৷ তাত কোৱাৰেণ্টাইনত থকাৰ পাছত অনুশীলন আৰম্ভ হয়৷ উল্লেখ্য যে দৰ্শকৰ আসনত থাকিব কৃত্ৰিমভাৱে তৈয়াৰ কৰা দৰ্শক৷













