নিউজ ডেস্ক :
পথচাৰীক গাড়ীৰে খুন্দা মৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল শ্ৰীলংকাৰ উইকেটকীপাৰ বেটছমেন কুশল মেণ্ডিচ৷ দেওবাৰে এই ঘটনা সংঘটিত হয়৷ কলম্বোৰ পানাদুৰাৰ পৰা চাইকেল চলাই এজন ৬৪ বছৰীয়া লোক গৈ আছিল৷ সেই সময়ত কুশল মেণ্ডিচে লোকজনক খুন্দা মাৰে৷ লোকজনক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মৃত্যু হয়৷ আৰক্ষীয়ে জনোৱা মতে কুশল মেণ্ডিচক ইয়াৰ পাছত দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হ’ব৷ মেণ্ডিচ সুৰামত্ত আছিল নেকি সেয়াও পৰীক্ষা কৰিব আৰক্ষীয়ে ৷
২৫ বছৰীয়া কুশল মেণ্ডিচে এই পর্যন্ত খেলিছে ৪৪ টেষ্ট, ৭৬খন এদিনীয়া মেচ আৰু ২৬ খন টি-টোৱেণ্টি। টেষ্টত ৩৬.৯৭ গড়ে কৰি তেওঁ ২৯৯৫ ৰান কৰিছে৷ সর্বোচ্চ ১৯৬ ৰান। ৫০ অভাৰৰ ফৰ্মেটত ৩০.৫২ গড়ে ২১৬৭ ৰান কৰিছে৷ টি-টোৱেণ্টিত ১৮.৬১ গড়ে ৪৮৪ ৰান কৰিছে। টেষ্ট আৰু এদিনীয়া মেচত ক্রমে ৬৫ আৰু ৩৯ টা কেচ ধৰিছে। ক’ভিড-১৯ লকডাউনৰ পাছত পাল্লেকেলে ষ্টেডিয়ামত অনুশীলন আৰম্ভ কৰা শ্রীলংকা বাহিনীৰ তেওঁ অন্যতম সদস্য৷














