ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ নামত বিদেশত ৰাস্তাৰ নাম দিয়া হৈছে৷ ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি, এই তিনি তাৰকাৰ নামত ৰাস্তাৰ নামকৰণ কৰা হৈছে।
ভাৰতীয় এই তিনি তাৰকাৰ লগতে আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ ৱ’ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেক কালিছ৷ তেওঁলোকৰ প্ৰত্যেকৰে নামত মেলবৰ্ণত ৰাস্তাৰ নামকৰণ কৰা হৈছে৷
এইখন মহানগৰীৰ পশ্চিমাঞ্চচলৰ ৰকবেংক এলেকাৰ ৰাস্তাবোৰৰ নাম এইসকল কিম্বদন্তিৰ নামেৰে কৰা হৈছে৷ ইয়াত মাষ্টাৰ ব্লাষ্টাৰৰ পথৰ নাম ‘তেণ্ডুলকাৰ ড্ৰাইভ’৷ কপিল দেৱ আৰু কোহলিৰ নামত ৰাস্তা দুটা হ’ল ‘দেৱ টেৰেছ’ আৰু ‘কোহলি ক্ৰেছেণ্ট’৷













