ASSAM TIMES POST
নিউজ ডেক্স:
সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছ সংক্ৰমণ চিন্তাৰ কাৰণ হৈ পৰাৰ সময়তে বিজ্ঞানীসকলে কৰা দাবী মতে যিসকল ব্যক্তিৰ তেজৰ গ্ৰুপ ‘এ’ (A) সেইসকল লোকৰ মাজত ক’ৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইটকৈ বেছি৷ আনহাতে অ’ (O) গ্ৰুপৰ লোকৰ ক্ষেত্ৰত এই ভাইৰাছৰ পৰা বিপদ কম৷
সম্প্রতি জাৰ্মানীৰ কিয়েল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে দাবী কৰিছে যে তেজৰ গ্ৰুপ ‘এ’ তেওঁলোকৰ মাজত ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা আনবোৰৰ তুলনাত ৫০ শতাংশ পৰ্যন্ত বেছি৷ বিজ্ঞানীসকলে জনাইছে যে বিভিন্ন বয়সৰ ১৬০০ৰো অধিক ক’ৰোনা আক্ৰান্ত আৰু একে পৰিমাণৰ ক’ৰোনাত আক্ৰান্ত নোহোৱা লোকৰ ডিএনএৰ গঠন আৰু তেজৰ গ্ৰুপ পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হয়৷
জাৰ্মান গৱেষকৰ দাবী, এই সমীক্ষাত তেওঁলোকে দেখে যে যিসকল লোকৰ তেজৰ গ্ৰুপ ‘এ’ সেইসকল লোক আন তেজৰ গ্ৰুপতকৈ বেছি ক’ৰোনাত আক্ৰান্ত হয়৷ কেৱল এয়াই নহয়, বিজ্ঞানীসকলে জনাই যে আগন্তুক দিনত এই গ্ৰুপৰ তেজ যাৰ শৰীৰত আছে তেওঁলোক আক্ৰান্ত হোৱাৰ আশংকা সকলোতকৈ বেছি৷ গৱেষণাটোত দেখা গৈছে যে যিসকল ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে তেওঁলোকৰ মাজত বেছি ভাগেই তেজৰ গ্ৰুপ ‘এ’৷
জাৰ্মান গৱেষকসকলৰ আগেয়ে ক’ৰোনাত আক্ৰান্ত হোৱাৰ সম্পৰ্কে তেজৰ গ্ৰুপৰ একোটা যোগসূত্ৰ আছে বুলি দাবী কৰিছিল এদল চীনা বিজ্ঞানীয়ে৷ জাৰ্মান বিজ্ঞানীসকলে জনায় যে ‘এ’ গ্ৰুপৰ তেজ যিদৰে এই ভাইৰাছত আক্ৰান্ত হোৱাসকলৰ বাবে বিপদ তাৰ বিপৰীতে অ’ (O) গ্ৰুপৰ তেজৰ ক্ষেত্ৰত বিপদ বহু কম৷ অর্থাৎ, যিসকলৰ শৰীৰত অ’ (O) গ্ৰুপৰ তেজ আছে তেওঁলোকক এই মাৰাত্মক ভাইৰাছে আক্ৰান্ত কৰি বিপদত পেলোৱাত বহু কম৷