ASSAM TIMES POST
ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউনৰ দিয়াৰ সময়ত অৰ্থনৈতিক অৱস্থা বেয়াৰ দিশে গতি কৰে৷ কিন্তু আয়ৰ ক্ষেত্ৰত লকডাউনৰ কোনো প্ৰভাৱ পৰা নাই ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ৷ লকডাউনৰ বাবে ঘৰতে বহি আছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলি৷ ঘৰত বহিয়ে কোটিপতি হৈ আছে কোহলি৷ এই আয় আহিছে ইনষ্টাগ্ৰামৰ পৰা৷ কেৱল ইনষ্টাগ্ৰামত প’ষ্ট কৰিয়ে কোহলিয়ে ভাৰতীয় মুদ্ৰা হিচাপত আয় কৰিছে ৩ কোটি ৬৫ লাখ টকা৷ ১২ মাৰ্চৰ পৰা ১৪ মে’ পৰ্যন্ত সমগ্ৰ বিশ্ব লকডাউন চলা সময়ত বিখ্যাত ক্ৰীড়াবিদসকলে ইনষ্টাগ্ৰামত প’ষ্ট কৰি কিমান উপাৰ্জন কৰিছে তাৰ সমীক্ষা কৰিছে৷ এই সমীক্ষাত দহজনৰ তালিকা প্ৰকাশ হৈছে ৷
এই তালিকাৰ শীৰ্ষত আছে পৃথিৱীৰ কোটি কোটি লোকৰ প্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডো৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৰনাল্ডোৰ আয় ১৮ কোটি টকা৷ দ্বিতীয় স্থানত ভাৰতীয় মুদ্ৰাৰ হিচাপত আয় ১২ কোটি টকাৰে আছে লিৱনাল মেছি৷ তৃতীয় স্থানত থকা ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ আয় ১১ কোটি টকা৷ তাৰ পাছত বাস্কেটবল খেলুৱৈ ছাকিল ৱ’নীলে ৫.৬০ কোটি, বেকহামে ৩.৮৯ কোটি, কোহালিয়ে ৩.৬৫ কোটি, জ্লাটানে ১.৭৭ কোটি, ৱেডে ১.৩৮ কোটি, আলভেছে ১.২৯ কোটি, জোছুৱাৰে ১.১৭ কোটি টকা আয় কৰিছে৷













