ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং আৰক্ষী-সেনা আৰু চিআৰপিএফৰ যুটীয়া অভিযানত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ:তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

News Desk by News Desk
June 2, 2020
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং আৰক্ষী-সেনা আৰু চিআৰপিএফৰ যুটীয়া অভিযানত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ:তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

একে চিৰিজৰ ৰাইফল, গ্ৰেণেড সহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

মণিপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আহিছে গঁড় চিকাৰ কাৰ্য৷

ডিফু : যোৱা ২৮ মে’ত ধনশিৰিৰ এক ভিতৰুৱা এলেকাত বনকৰ্মীৰ এটা দলৰ সৈতে গঁড় চিকাৰীৰ এটা দলৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এটা গঁড় চিকাৰীৰ থিতাতে নিহত বিপৰীতে দলটোৰ আনকেইটা সদস্য পলাই সাৰিবলৈ সক্ষম হয় ৷ তেতিয়াৰে পৰা কাৰ্বি আংলং জিলা আৰক্ষীয়ে দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে ৷ কাজিৰঙাত অলপতে হত্যা কৰা গঁড়টোৰ খৰ্গসহ চুবুৰীয়া নাগালেণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা অব্যাহত ৰখা গঁড় চিকাৰী দলটোৰ নাগালেণ্ডত প্ৰৱেশ কৰিব পৰা সকলো সম্ভাব্য পথ বন্ধ কৰি আৰক্ষীয়ে কেইবাদিন ধৰি চলোৱা অভিযানৰ অন্তত এই উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

WhatsApp Image 2020 06 02 at 7.31.24 AM | ASSAM TIMES POST

আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰৰ পমখেদি বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাৰ পৰা আৰক্ষীয়ে অভিযান চলাই গঁড়ৰ খড়গ চুৰি চক্ৰৰ দূৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷ বিক্কি থাপা নগাওঁ জিলাৰ জখলাবন্ধা থানা এলেকাৰ চামগুঠি চাহ বাগানৰ বুলি জানিব পৰা গৈছে ৷ পিছত অপৰাধীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা চুড়চান্দপুৰৰ ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷

ইফালে, এই তিনিওটা দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ স্বীকিৰোত্তিৰ ভিত্তিত উদ্ধাৰ হোৱা বুজন পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰে সকলোৰে চকু কঁপালত উঠিছে ৷ গঁড় চিকাৰী চক্ৰটোৰ স্বীকাৰোত্তিৰ ভিত্তিত আঞ্জুকপানী থানাৰ থেকেৰাজানত অভিযান চলাই এটা AK 81, দুটা AK56, এটা DBBL এটা chinease granede, 400 জাঁই সজীৱ গুলী, 6 মেগাজীন 12 বৰৰ গুলী আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ ধৃত অপৰাধীটোৱে কাজিৰঙাত অলপতে সংঘটিত হোৱা গঁড় হত্যা গোচৰত জড়িত বুলি আৰক্ষীৰ জেৰাত অপৰাধী কেইটাই স্বীকাৰ কৰিছে ৷ এই সন্দৰ্ভত বোকাখাত থানাত ১৩১/২০২০ নম্বৰত এক গোচৰো ৰুজো হৈ আছে ৷

WhatsApp Image 2020 06 02 at 5.28.41 AM e1591113344414 | ASSAM TIMES POST

আনহাতে গঁড় চিকাৰী চক্ৰটোৰ আন তিনিটা দূৰ্ধৰ্ষ সদস়্য তিনিটা এতিয়াও পলাতক অৱস্থাত আছে ৷ পলাতক দূৰ্ধৰ্ষ গঁড় চিকাৰী কেইটা ক্ৰমে, জনথাং ওৰফে থাংবই, মুৱামুৱান পাইটে ওৰফে অভাৰচাইজ আৰু এনগাকুকি ওৰফে লুনুন বুলি চিনাক্ত কৰা হৈছে ৷ এই আটাই কেইটা গঁড় চিকাৰী মণিপুৰৰ চূৰচান্দপুৰৰ বুলি নিশ্চিত কৰা হৈছে ৷ পলাতক আৰক্ষী কেইটাৰ সন্ধানত অভিযানকাৰী দলে তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ আনহাতে অলপতে ধনশিৰিত নিহত হোৱা গঁড চিকাৰীটো মাং ওৰফে মাংবই পাইটে বুলি চিনাক্ত কৰা হৈছে ৷

Tags: Featured
Share35Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx