ASSAM TIMES POST
ডিফু, :
লকডাউনৰ দৰে কঠোৰ নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিজৰ কু- কাৰ্য ৷ কালি মাঞ্জা আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কৌশলগত ভাবে এখন চুৰি গাড়ী সহ দুই গভাইত চোৰক আটক কৰা ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখ যোগ্য যে কালি এক বিশ্বস্ত সূত্ৰৰ পমখেদি মাঞ্জা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এক দলে অভিযান চলাই শিলচৰৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা এখন ছুইফ্ট ভিআইএক্স গাড়ী মাঞ্জাত জব্দ কৰে ৷
বাহন খনত অহা দুই আৰোহীয়ে বাহনখন শিলচৰৰ এজন লোকৰ বুলি দাবী কৰাৰ বিপৰীতে আৰক্ষী তদন্ত চলাই উক্ত পঞ্জীয়ন নম্বৰৰ গাড়ীখন অন্য এজন লোকৰ বুলি নিশ্চিত হোৱাৰ লগতে বাহন খনৰ নথি-পত্ৰ আৰু নম্বৰ প্লেট ভুৱা বুলি আৰক্ষী নিশ্চিত হোৱাৰ লগে লগে মাঞ্জা আৰক্ষীয়ে দুয়োটা গাড়ীচোৰক আজি গ্ৰেপ্তাৰ কৰে ৷ গাড়ী চোৰ দুটা ক্ৰমে হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত ৰাজেশ্বৰপুৰ সপ্তম খণ্ডৰ বাবু সিংহৰ পুত্ৰ গৌতম সিংহ আৰু অষ্টম খণ্ডৰ মেৰা সিংহৰ পুত্ৰ বিনয় সিংহ বুলি চিনাক্ত কৰা হৈছে ৷ মাঞ্জা থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৩৪ ধাৰাৰ অধীনত ১৪/২০ নম্বৰত এক গোছৰ ৰুজো কৰি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে গাড়ীখন ডিমাপুৰলৈ বিক্ৰি কৰিবলৈ অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল ৷ উল্লেখযোগ্য যে, গাড়ী চোৰৰ দলে মাঞ্জা- ডিলাই ডিমাপুৰ পথক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও সমান্তৰালকৈ ডিলাই – মাঞ্জা আৰক্ষীয়েও গাড়ী চোৰৰ সকলো কৌশল ব্যৰ্থ কৰি অহা পৰিলক্ষিত হৈছে ৷