ASSAM TIMES POST
স্পৰ্টছ ডেস্ক:
বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় টেষ্ট ক্ৰিকেট দল ৰেংকিংৰ পৰা স্থানচ্যুত হৈছে। অৰ্থাৎ আই চি চি টেষ্ট ৰেংকিংৰ শীৰ্ষ স্থানৰ পৰা অৱনমন ঘটিছে ভাৰতীয় দলৰ। ২০১৬ৰ অক্টোবৰৰ পৰা ৪ বছৰ ধৰি ভাৰত এই শীৰ্ষ স্থানত অধিষ্ঠিত হৈ আছিল। শুকুৰবাৰে আই চি চিৰ পৰা প্ৰকাশিত শেহতীয়া ৰেংকিং তালিকাত এই কথা প্ৰকাশ।
শেহতীয়া আপডেট অনুযায়ী, অষ্ট্ৰেলিয়াই ১১৬ ৰেংকিং পইণ্ট লাভ কৰি তালিকাত শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে ১১৫ পইণ্টৰে নিউজিলেণ্ড তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে, ১১৪ পইণ্ট লাভ কৰি বৰ্তমান ভাৰত তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগা হয়।













