ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : কৰ’ণা ৰোধৰ বাবে দেশব্যাপি চলি থকা লক-ডাউনৰ সময়তে কাজিৰঙা সমবায় সমিতিৰ হিতাধিকাৰীৰ চাউলক লৈ কৰা বৃহৎ কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। গৃহবন্দী কৰ্মহীন দৰিদ্ৰ লোকৰ বাবে আৱন্তিত চাউলৰ হৰলুকীৰ অভিযোগত বোকাখাত আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কাজিৰঙা সমবায় সমিতিৰ গুদাম ৰক্ষক পলাশ গগৈ আৰু সম্পাদক বুবুল দলৈক। বোকাখাত আৰক্ষীয়ে শুকুৰবাৰে কাজিৰঙাৰ পৰা পলাশ গগৈক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি দেৰগাঁৱৰ পৰা সম্পাদক বুবুল দলৈক গ্ৰেপ্তাৰ কৰিছে ।
কাজিৰঙা সমবায় সমিতিত সংঘটিত চাউল কেলেংকাৰীৰ পাচত যোৱা ৩ এপ্ৰিলৰ পৰাই পলাতক অৱস্থাত আছিল সমবায় সমিতিখনৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈ । স্থানীয় লোকৰ অভিযোগ মতে কৰ’ণা মহামাৰীৰ লক ডাউনৰ সময়ত বিতৰণৰ বাবে সমবায় সমিতি খনলৈ অহা ৮০০ কুইণ্টল চাউলৰ ৬০ শতাংশতকৈও অধিক চাউল হৰলুকি হয় ৷ হৰলুকি হোৱা চাউল অধিক দামত সম্পাদক বুবুল গগৈ আৰু গুদাম ৰক্ষক পলাশ গগৈয়ে চোৰাংকৈ বিক্ৰী কৰি আহিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ ৷ ৰাজহুৱা অভিযোগ মতে ২০১০ চনৰ পৰাই কাজিৰঙা সমবায় সমিতিত ব্যাপক দুৰ্নীতি চলি আহিছিল ৷
হিতাধিকাৰীৰ প্ৰাপ্যৰ পৰা প্ৰতি বাৰতে চাউল চান কাঢ়িছিল সমবায় সমিতিখনৰ বিষয় ববীয়াই ৷ যাৰ বাবে প্ৰাপ্য চাউলৰ পৰা বঞ্চিত হৈ আহিছিল সমবায় খনৰ হিতাধিকাৰী সকল ৷
শেহতীয়াকৈ লক ডাউনৰ সাহাৰ্যৰ বাবে চৰকাৰে যোগান ধৰা ৮০০ কুইন্টল চাউলৰো হৰলুকী হোৱাত হিতাধাৰী সকলে বোকাখাতৰ মহকুমা প্ৰশাসনক অভিযোগ কৰাৰ লগতে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘয়ো বিষয়টোক লৈ বোকাখাত আৰক্ষী থানাত এজাহৰ দাখিল কৰে ৷ ইয়াৰ পাছৰে পৰাই কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল হালৈ আৰু গুদাম ৰক্ষক পলাশ গগৈয়ে আত্মগোপন কৰিছিল ৷ আজি ঘটনাৰ সম্পৰ্কত বোকাখাত আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৯ আৰু ৪২০ ধাৰাৰ লগতে অত্যৱশকীয় সামগ্ৰী আইনৰ ৭ ধাৰাত ১১৩ / ২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি বোকাখাতৰ আদালতত হাজিৰ কৰে ৷ আদালতে দুয়োজনকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷