ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা সংক্ৰমণৰ বিৰুদ্ধে দেশবাসীৰ লগতে গৃহবন্দী হৈ থকা ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলৰ বাবে আহিল সুখবৰ৷ ২০২১ চনৰ ৫০ অভাৰৰ বিশ্ব কাপ ক্ৰিকেটলৈ যোগ্যতা অৰ্জন কৰিলে মিতালী ৰাজ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বতাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে৷ উল্লেখ্য যে ২০২১ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মহিলা বিশ্ব কাপ ক্ৰিকেট৷
সেই বিশ্ব কাপৰ আয়োজক নিউজীলেণ্ডক বাদ দি আন চাৰিখন দেশে ইয়াত অংশ ল’ব পাৰিব৷ এই চাৰিখন দেশ হ’ল অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ভাৰত৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ নিয়ামক সংস্থা আই চি চিয়ে এই কথা জানিবলৈ দিছে৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা ২০২০ চনলৈ আই চি চি মহিলা চেম্পিয়নশ্বিপৰ তিনিখন ছিৰিজ হৈছিল৷
আই চি চি কাৰিকৰী সমিতিয়ে লোৱা সিদ্ধান্ত মতে সকলো দেশৰ মাজত পইণ্ট সমানে ভাগ কৰি দিয়া হয়৷ ইয়াৰ ফলত অষ্ট্ৰেলিয়াই ৩৭, ইংলেণ্ডে ২৯, দক্ষিণ আফ্ৰিকাই ২৫ আৰু ভাৰতে ২৩ পইণ্ট লাভ কৰে৷ পইণ্টৰ টেবুলত প্ৰথম চাৰি দলৰ মাজত ২০২১ চনৰ বিশ্ব কাপ ক্ৰিকেটৰ সুবিধা দিয়ে৷ ফলত টিকট লাভ কৰিলে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে৷
আনহাতে আয়োজক দেশ হিচাপে সুবিধা পালে নিউজীলেণ্ডে৷ উল্লেখ্য যে চলিত বছৰৰ জুলাইত শ্ৰীলংকাত বিশ্ব কাপ যোগ্যতা অৰ্জনৰ খেল হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰ’ণা আতংকৰ বাবে এই যোগ্যতা অৰ্জনৰ খেল হোৱাৰ সম্ভাৱনা নোহোৱা হ’ল৷ যোগ্যতা অৰ্জনৰ খেল হ’লে আন তিনিটা দল ২০২১ চনৰ মহিলা বিশ্ব কাপ খেলাৰ যোগ্যতা অৰ্জন কৰাৰ সুবিধা পালেহেঁতেন৷











