ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউন নমনাৰ অপৰাধত অভিযুক্ত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ঋষি ধাৱান৷ হিমাচল প্ৰদেশৰ বাসিন্দা ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰজনে গাড়ী লৈ ৰাস্তালৈ ওলাই গৈছিল৷ দিনৰ ১০ বজাৰ পৰা দুপৰীয়ালৈকে তেওঁ ঘুৰি ফুৰিছিল৷ কিন্তু তেওঁৰ হাতত নাছিল ‘ভেহিকল পাছ’৷ সেয়ে আৰক্ষীয়ে তেওঁক আটক কৰে৷ তাৰ পাছতে তেওঁক আৰক্ষীয়ে ৫০০ টকাৰ জৰিমনা বিহে৷ জানিব পৰা মতে তেওঁ বেংকলৈ গৈছিল৷













