ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন অব্যাহত আছে৷ কাৰ্যত সমগ্ৰ পৃথিৱীয়েই লকডাউন৷ ফলত অন্যান্য ক্ষেত্ৰৰ লগতে ক্ৰীড়াও বন্ধ হৈ আছে৷ পৰিস্থিতি কেতিয়া স্বাভাৱিক হয় তাৰ কোনো নিশ্চয়তা নাই৷ পৃথিৱীৰ আন খেলুৱৈৰ দৰে মুম্বাইৰ ফ্লেটতে বন্দী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি৷ খেল দূৰৰ কথা, কোনে জানে দলৰ সদস্যসকল কেতিয়া মিলিত হ’ব৷ এই কঠিন সময়ত খেলুৱৈসকলে নিজকে ফিট কৰি ৰখাটো গুৰুত্বপূৰ্ণ৷ দ নিপুনতা ধৰি ৰাখিব কি দৰে৷
তাকে লৈ আলোচনা কৰিবলৈ টেলিকনফাৰেন্স আয়োজন কৰাৰ কথা ভাবিছে ৰবি শাস্ত্ৰী, বিৰাট কোহলিৰ ভাৰতীয় দলে৷ বৃহস্পতিবাৰে নিশা পোৱা ইংগিত মতে এই প্ৰস্তাৱ বৰ্তমানে প্ৰাথমিক পৰ্যায়তে আছে৷ দীৰ্ঘ দিন ধৰি ঘৰতে বন্দী হৈ আছে ক্ৰিকেটাৰসকল৷ সেয়ে টেলি বৈঠক আয়োজন কৰি জৰুৰী দলীয় সভাৰ কথা চিন্তা কৰা হৈছে৷













