ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ বাবে অহা ১৫ এপ্ৰিলৰ পৰা আই পি এল আয়োজন কৰা সম্ভৱ নহয়৷ এই কথা জনাইছে আই পি এলৰ অধ্যক্ষ ৰাজীৱ শুক্লই৷ ক’ৰ’ণা ভাইৰাছ দেশত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন অব্যাহত আছে৷ এই পৰিস্থিতিত আই পি এল ১৫ এপ্ৰিললৈকে স্থগিত ৰখা হৈছে৷ কিন্তু তাৰ পাছত কেতিয়া আই পি এল আৰম্ভ কৰা হ’ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ সংবাদ প্ৰতিষ্ঠানক ৰাজীৱ শুল্কই কয়, আই পি এলক লৈ কোনো প্ৰস্তুতি হোৱা নাই৷
এতিয়া আমাৰ অগ্ৰাধিকাৰ ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ কৰাৰ৷ মানুহৰ জীৱন ৰক্ষা কৰাতে গুৰুত্ব দিয়া হৈছে৷ এই সকলো চৰকাৰৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰা হৈছে৷ দেখা যাওক চৰকাৰে কি সিদ্ধান্ত লয়৷ আমি চৰকাৰৰ সিদ্ধান্ত মানি চলিম৷ কোনোৱে কৈছে লকডাউনৰ সীমা বৃদ্ধি কৰা হ’ব৷ এনে পৰিস্থিতিত ১৫ এপ্ৰিলৰ পৰা আই পি এল আয়োজন কৰা সম্ভৱ নহয়৷













