ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ কৰাৰ উদ্দেশ্যে পুঁজি সংগ্ৰহৰ অৰ্থে ভাৰত আৰু পাকিস্তানৰ মাজত এদিনীয়া ক্ৰিকেট ছিৰিজ আয়োজন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে শ্বয়েব আখটাৰে৷ ৰাৱালপিণ্ডি এক্সপ্ৰেছ ৰূপে খ্যাত আখটাৰে পৰিস্থিতি স্বাভাৱিক হ’লে ক’ৰ’ণাত আক্ৰান্তৰ সাহায্যৰ বাবে দুয়োখন দেশৰ মাজত খেল আৰম্ভ কৰিব লাগে৷
উল্লেখ্য যে ৰাজনৈতিক মতবিৰোধৰ বাবে দুয়োখন দেশৰ মাজত ২০০৭ চনৰ পৰা দ্বিপাক্ষিক ছিৰিজ বন্ধ হৈ আছে৷ অৱশ্যে এছিয়া কাপ, বিশ্ব কাপ বা আই চি চিৰ অনুমোদিত প্ৰতিযোগিতাত দুয়োটা দল মুখামুখি হয়৷ এতিয়া ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে দুই চিৰ প্ৰতিদ্বন্দ্বীৰ মাজত খেল আয়োজন কৰিবলৈ আখটাৰে আহ্বান কৰে৷











