ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্ব এথলেটিকছ সন্থাই চলিত বছৰৰ নৱেম্বৰৰ শেষ পৰ্যন্ত অলিম্পিক যোগ্যতা অৰ্জন পৰ্ব বন্ধ কৰাত সমস্যাত পৰিছে দেশৰ কেইবাজনো এথলেট৷ চলিত বছৰৰ শেষৰ ফালে ঘৰুৱা প্ৰতিযোগিতাত ভাৰতীয় এথলেটৰ অলিম্পিক যোগ্যতা অৰ্জনৰ পৰিকল্পনাৰ সিদ্ধান্তই বৃহৎ সমস্যাৰ সৃষ্টি কৰিলে৷
বিশ্ব এথলেটিকছ সন্থাই সিদ্ধান্ত লৈছে যে টকীঅ’ অলিম্পিকৰ বাবে ৬ এপ্ৰিলৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত যোগ্যতা অৰ্জন পৰ্ব বন্ধ থাকিব৷ এই সময়চোৱাত আয়োজন কৰা কোনো প্ৰতিযোগিতাৰ ফলাফল টকীঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জন বা ৰেংকিঙৰ বাবে ধৰা নহ’ব৷
ভাৰতৰ সহকাৰী প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে জনায় যে এই সিদ্ধান্তই ভাৰতৰ বহু এথলেটক হতাশ কৰিব৷ এই সিদ্ধান্তৰ ফলত স্প্ৰিণ্টাৰ হিমা দাসৰ বাবে চিন্তা আহি পৰিছে৷ কিয়নো হিমাই পুনৰ টকীঅ’ অলিম্পিকৰ যোগ্যতাৰ বাবে দৌৰিব লাগিব৷ আনহাতে এই সিদ্ধান্তৰ বাবে শ্বটপুট খেলুৱৈ তেজিন্দৰপাল সিং তুৰ, জেভলিন থ্ৰৱাৰ অনু ৰাণী, লং জাম্পাৰ এম শ্ৰীশংকৰ, স্প্ৰিণ্টাৰ দ্যুতি চন্দৰ বাবে বৃহৎ চিন্তা আহি পৰিল৷











