ASSAM TIMES POST
নিউজ ডেস্ক
ভাৰতীয় ক্ৰীড়াবিদে ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যুঁজ অব্যাহত ৰাখিছে৷ ভাৰতৰ কেইবাজনো ক্ৰীড়াবিদে প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ ফাণ্ডলৈ ধন আগবঢ়াই থকাৰ মাজতে এইবাৰ সাহায্য আগবঢ়ালে যুৱ গল্ফ খেলুৱৈ অৰ্জুন ভাটিয়ে৷ এই গল্ফ খেলুৱৈজনে লাভ কৰা ট্ৰফীবোৰ বিক্ৰী কৰি সংগ্ৰহ কৰা ধন প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ ফাণ্ডলৈ দান কৰে৷

উল্লেখ্য যে ১৫ বছৰীয়া অৰ্জুন হ’ল দেশৰ কনিষ্ঠতম খেলুৱৈ যি প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ ফাণ্ডলৈ ধন আগবঢ়াইছে৷ তেওঁ তিনিটা বিশ্ব গল্ফ চেম্পিয়নশ্বিপৰ পদকসহ মুঠ ১২০টা পদক বিক্ৰী কৰে৷ সেই বিক্ৰীৰ বাবত তেওঁৰ সংগ্ৰহ হয় ৪.৩০ লাখ টকা৷ এই সমুদায় ধন তেওঁ প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ ফাণ্ডলৈ দান কৰে৷ উল্লেখ্য যে তিনিবাৰৰ বিশ্বজয়ে অৰ্জুন বৃহত্তৰ নয়দাৰ বাসিন্দা৷ উল্লেখ্য যে তেওঁ যোৱা ৮ বছৰত এই পদকবোৰ লাভ কৰিছিল৷













