ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছৰ বাবে বিপৰ্যস্ত জনজীৱন৷ এনে পৰিস্থিতিত বিবাহ পিছুৱাই দিব বা স্থগিত কৰিব লগা হৈছে অষ্ট্ৰেলিয়াৰ আঠজন ক্ৰিকেটাৰে৷ নিজৰ বিবাহ পিছুৱাই দিব লগা হোৱা অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ কেইজন হ’ল স্পীনাৰ আডাম জাম্পা, বেগী বলাৰ জেকছন বাৰ্ড, অপেনাৰ ডি’আৰ্কি শ্বৰ্ট৷ চলিত এপ্ৰিল মাহতে তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল৷
আনহাতে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰাৰ কথা আছিল আন পাঁচজন ক্ৰিকেটাৰৰ৷ তেওঁলোক হ’ল মিছেল ছ’য়াপনছ, কেটলিন মেকডাৰমট, এণ্ড্ৰুাই, তেছ জোনাছেন, কেটলিন ফ্ৰেইট৷ কিন্তু ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউন অব্যাহত আছে আৰু তাৰ ফলত বিয়া স্থগিত ৰাখিব লগা হ’ল৷











