ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা এনে এক প্ৰকাৰ ভাইৰাচ যাৰ কোনো প্ৰতিষেধক এতিয়াও উৎপাদন হোৱা নাই। যাৰ ফলত দিনক দিনে আক্ৰান্তৰ সংখ্যা বাঢ়িছে, মৃত্যুৰ সংখ্যা বাঢ়িছে। কিন্তু কাৰ্যত প্ৰতিষেধক এতিয়াও নাই। আৰু এই ভাইৰাচৰ ঔষধ ঠিকমতে নোপোৱাত চিন্তা বৃদ্ধি পাইছে বিশ্ববাসীৰ।
প্ৰত্যেক দেশে চেষ্টা কৰিছে, কেনেদৰে ইয়াৰ মোকাবিলা কৰা যায়। ভাৰতৰ গৱেষকসকলেও এই ভাইৰাচৰ বিৰুদ্ধে যুঁজৰ অস্ত্ৰ অন্বেষণ আৰম্ভ কৰিছে। যাৰ ফলত আশাৰ ৰেঙণি দেখিবলৈ আৰম্ভ কৰিছে সকলোৱে। Bharat Biotechs দেশৰ ভিতৰতে ১ নম্বৰ টীকা সংস্থা। আৰু এই সংস্থাটোৱেই বৰ্তমান কৰণা প্ৰতিৰোধৰ বাবে এটা টীকা প্ৰস্তুতৰ অপ্ৰাণ চেষ্টা চলাই আছে।
যদি এই টীকা কাৰ্যকৰী হয়, তেনেহলে ক’ৰ’ণা ভাইৰাছক মোকাবিলা কৰাত কোনো সমস্যা নাথাকিব বুলিয়েই মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। সকলোতকৈ ডাঙৰ কথা, যিটো সংস্থাই এই টীকা প্ৰস্তুতৰ দায়িত্ব লৈছে, সেইটো অত্যন্ত অভিজ্ঞ সংস্থা। যাৰ বাবে তেওঁলোকৰ ওপৰত প্ৰত্যাশা বাঢ়িছে সকলোৰে।
ইতিমধ্যে তেওঁলোক ১৬টা টকাৰ পেটেণ্ট সৃষ্টিৰ অভিজ্ঞতাৰে অভিজ্ঞ। এই প্ৰসংগত Bharat Biotechs ৰ বিজনেছ ডেভেলপমেণ্ট বিভাগৰ প্ৰধান ৰাছেছ এলাই কয়, “আমি এই টীকা প্ৰস্তুত কৰি tar clinical trial কৰিম। তাৰ পিছত প্ৰস্তুত হব প্ৰায় ৩০ কোটি টীকা। যিবোৰ বিলাই দিয়া হব আন্তৰ্জাতিক ক্ষেত্ৰত।”