ASSAM TIMES POST
নিউজ ডেস্ক
কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ধন আগবঢ়োৱাত ভাৰতৰ তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশংসা কৰিছে ৷ কৰ’না ভাইৰাছৰ বাবে আতংকিত দেশবাসী ৷ সমগ্ৰ দেশতে লকডাউন অব্যাহত আছে ৷ এনে সময়তে কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তাৰকা বেটছমেন সুৰেশ ৰাইনাই ৫২ লাখ টকা আগবঢ়ালে ৷
ইয়াৰে, ৩১ লাখ টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজিত আৰু ২১ লাখ টকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ৷ এক বাৰ্তাত ৰাইনাই কয়, ক’ভিড-১৯ক পৰাস্ত কৰিবৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগে ৷ আপোনালোকেও এই দায়িত্ব পালন কৰক ৷ সুৰেশ ৰাইনাৰ এই কাৰ্যক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে এক বাৰ্তাত কয়, এইটো এটা অসাধাৰণ অৰিহণা ৷











