ASSAM TIMES POST
নিউজ ডেস্ক:
সমগ্ৰ বিশ্ব এতিয়া ক’ৰ’ণা ভাইৰাছৰ আতংকত কম্পমান৷ এনে সময়ত ইতিবাচক হৈ থকাৰ চেষ্টা কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ৷ বিশ্ব কাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱে ভয়ৰ মাজতো কিছু শিকা হৈছে বুলি কয়৷ এই প্ৰসংগত তেওঁ আশাবাদী যে ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত অৱশ্যেই জয় আহিব৷
স্বাস্থ্যৰ বাবে পোৱা শিক্ষা সকলোৱে মনত ৰখা ভাল৷ হাত ধুবৰ বাবে এই শিক্ষা মনত ৰখা ভাল৷ য’তে ত’তে থু পেলুৱা আৰু প্ৰশ্বাৱ কৰা বন্ধ হ’ব৷ আমাৰ পৰিৱেশ পৰিষ্কাৰ হৈ থাকিব৷ এই শিক্ষা যদি আমি আগতেই মনত ৰাখিলোহেতেন তেতিয়া বহু ভাল আছিল৷ এই প্ৰজন্মই এই ভুল নকৰিব বুলি কপিল দেৱে আশা প্ৰকাশ কৰে৷ নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰি কপিল দেৱে কয়, আমি জ্যেষ্ঠসকলৰ পৰা এই শিক্ষা পাইছিলো ৷
তেওঁলোকৰ প্ৰতি কপিল দেৱে কৃতজ্ঞতা প্ৰকাশ কৰে৷ ইয়াৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজনে কয়, কিভাৱে মানৱ জাতি ইয়াৰ বিৰুদ্ধে যুঁজ কৰিব, বিপদৰ সন্মুখত উদাহৰণ স্থাপন কৰিব, তাক লৈ মই পঢ়িছো আৰু জানিছো৷ আমাৰ শক্তি নিহিত আছে সংস্কৃতিত৷ দেশত লকডাউনৰ সময়ত ঘৰ পৰিষ্কাৰ কৰা, বাগিচা পৰিষ্কাৰ কৰাত ব্যস্ত কপিল দেৱ৷ তেওঁৰ সৰু বাগিচাতে আছে গল্ফ ক’ৰ্চ৷ পৰিয়ালৰ লগত প্ৰচুৰ সময় কটাবলৈ পাইছে৷













