ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ জনতা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক বৃহৎ সকাহ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ যিসকল লোকৰ ঋণ আছে সেইসকলে ইকুৱেল মাণ্ঠলি ইণ্টলমেণ্ট অৰ্থাৎ ই এম আই পিছুৱাই দিবৰ বাবে বেংকবোৰক অনুমোদন দিয়াৰ কথা জনাইছে ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ শক্তিকান্ত দাসে৷
ইয়াত ক্ৰেডিট স্ক’ৰত কোনো প্ৰভাৱ নপৰে৷
ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰে লগতে উল্লেখ কৰে যে ই এম আই আতঁৰাই দিয়া নহয়, কেৱল পিছুৱাই দিয়াৰ কথাহে ঘোষণা কৰা হৈছে৷ বেংক বা বিত্তীয় প্ৰতিষ্ঠানে অনুমোদন দিলে গ্ৰাহকে তিনিমাহলৈ ই এম আই দিব নালাগে৷