ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ বাবে পিছুৱাই গ’ল আই পি এল৷ ১৫ এপ্ৰিলৰ পাছত আই পি এল হ’ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জনাইছে৷ বৰ্তমানে পৰিস্থিতি যি দিশে গৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো কোনো মহলে কৈছে এই বছৰ আই পি এল আয়োজন কৰা কঠিন হৈ পৰিব৷
ইপিনে, আই পি এল পিছুৱাই দিয়া পাছত মুম্বাই ইণ্ডিয়াানছৰ অধিনায়ক ৰোহিত শৰ্মাই কয়, সকলোতকৈ আগৰ কথা দেশ ভাৰত৷ আগতে পৰিস্থিতি ভাল হওক৷ তাৰ পাছত আই পি এলৰ কথা ভাবক৷ আগতে জীৱন স্বাভাৱিক হ’ব লাগিব৷ ইংলেণ্ডৰ কেভিন পিটাৰছনৰ সৈতে হোৱা বাৰ্তালাপত ‘হিটমেন’ ৰূপে খ্যাত ৰোহিত শৰ্মাই কয়, এই পৰিস্থিতিৰ মাজত ফ্ৰাঞ্চাইজিসকলে এনে বৃহৎ প্ৰতিযোগিতা কেনেকৈ পাতিবলৈ সম্ভৱ হ’ব?
আগৰ দৰে যদি সকলো ভাল হৈ যায় তেতিয়া আই পি এল আয়োজন কৰা হ’ব৷ এতিয়া আমি অপেক্ষা কৰিব লাগিব৷ সকলোৱেই জানে সমগ্ৰ বিশ্ব অতি কঠিন পৰিস্থিতিৰ মাজত আছে৷ এই সংকট শেষ হ’লে আই পি এল হ’ব৷ জীৱন স্বাভাৱিক হোৱাৰ আগেয়ে ৰোহিত শৰ্মাই আই পি এল বা ক্ৰিকেটক লৈ একো ভবা নাই বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে, আই পি এলৰ ভৱিষ্যৎ অনিশ্চিত হ’লেও প্ৰস্তুতি চলাই নিব বেন ষ্টকে৷ আই পি এল হোৱাৰ সময়ত নিজকে তেওঁ প্ৰস্তুত কৰি ৰাখিব বুলি কয়৷
উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ জাৰ্ছীত খেলিব ষ্টকে৷ ইংলেণ্ডৰ বৰ্তমান পৰিস্থিতিত তেওঁ ভয় খোৱা নাই৷ অতি সতৰ্ক হৈ তেওঁ অনুশীলন কৰি আছে৷ শীঘ্ৰে সমগ্ৰ পৃথিৱী ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্ত হ’ব বুলি তেওঁ আশা কৰে৷











