ASSAM TIMES POST
নিউজ ডেস্ক
চলিত মাহত লণ্ডনত অনুষ্ঠিত অলিম্পিকৰ যোগ্যতা অৰ্জন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ গৈ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ল তুৰস্কৰ এজন বক্সাৰৰ লগতে তেওঁৰ প্ৰশিক্ষক৷ ইয়াৰ পাছতে তুৰস্ক বক্সিং সন্থাই আন্তৰ্জাতিক অলিম্পিক কমিটীৰ টাস্ক ফৰ্চলৈ আঙুলি টোৱাঁইছে৷
উল্লেখ্য যে সেই প্ৰতিযোগিতাত ৪০ খন দেশৰ বক্সাৰে অংশ গ্ৰহণ কৰিছিল৷ প্ৰতিযোগিতাখন চলাৰ কথা আছিল ১১ দিন৷ কিন্তু ১৬ মাৰ্চত প্ৰতিযোগিতাখন বন্ধ কৰি দিয়া হয়৷ সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছৰ বাবে ক্ৰীড়া প্ৰতিযোগিতা পিছুৱাই দিয়া বা বাতিল কৰা হৈছে৷
সেই সময়ত কিয় আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এই প্ৰতিযোগিতাখন আয়োজনৰ সিদ্ধান্ত লৈছিল তাকে লৈ তুৰস্ক বক্সিং সন্থাই প্ৰশ্ন উত্থাপন কৰিছে৷ ইপিনে, আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এই অভিযোগক কোনো গুৰুত্ব দিয়া নাই৷ অলিম্পিক কমিটীয়ে এক বিবৃতিত জনাইছে যে ভাইৰাছত আক্ৰান্ত হোৱাৰ উৎস ক’ত, সেয়া জনাৰ সম্ভৱ নহয়৷ অংশ লোৱা বহু প্ৰতিযোগী ইটালী, ইংলেণ্ড বা নিজ দেশত প্ৰশিক্ষণ লৈছিল৷ তাৰ পাছত ১৪ মাৰ্চত প্ৰতিযোগিতাত নামিছিল৷
কিছু দিনৰ আগেয়ে তেওঁ ঘৰলৈ ওভতি গৈছিল৷ যোৱা বছৰ আন্তৰ্জাতিক বক্সিং সন্থাক নিলম্বন কৰাত আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে বক্সিং প্ৰতিযোগিতাৰ আয়োজনৰ দায়িত্ব লয়৷ সেয়ে যোগ্যতা অৰ্জনৰ প্ৰতিযোগিতা অলিম্পিক কমিটীয়ে আয়োজন কৰে৷ আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে লগতে জনায় যে এই প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত ইংলেণ্ড চৰকাৰৰ তৰফৰ পৰা কোনো বিধি নিষেধ জাৰি কৰা নাছিল৷ বহু প্ৰতিযোগিতাই ইংলেণ্ডত হৈছে আৰু এই প্ৰতিযোগিতাও বন্ধ কৰা নাছিল৷











