ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তিনিমাহৰ দৰমহা আৰু ব’ৰ্ডৰ পৰা পোৱা পেঞ্চন আগবঢ়াইছে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ লক্ষ্মীৰতন শুক্লই৷ উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ লক্ষ্মীৰতন শুক্ল বৰ্তমানে পশ্চিম বংগৰ এজন মন্ত্ৰী৷ ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত খেলুৱৈজন উদ্বিগ্ন৷
দেশত ক্ৰমান্বয়ে ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ আনহাতে সমগ্ৰ পৃথিৱীত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ২৪ হাজাৰৰ অধিক লোকৰ মৃত্যু হৈছে৷ এই সন্দৰ্ভত লক্ষ্মীৰতন শুক্লই কয় যে নিজৰ সাধ্য অনুসৰি এনেদৰে আগবঢ়োৱাতো প্ৰয়োজন৷ প্ৰাক্তন ক্ৰিকেটাৰজনে এই ধন পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে৷
নিজৰ দৰমহাৰ লগতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দিয়া তিনিমাহৰ পেঞ্চনো তেওঁ আগবঢ়োৱাৰ কথা সদৰি কৰে৷ স্মৰ্তৱ্য যে ১৯৯৯ চনত লক্ষ্মীৰতন শুক্লই ভাৰতৰ হৈ তিনিখন এদিনীয়া আন্তৰ্জাতিক খেল খেলিছিল৷ কিন্তু আঘাতজনিত কাৰণত তেওঁৰ ক্ৰিকেট কেৰিয়াৰ থমকি গৈছিল৷
অৱশ্যে তেওঁ ঘৰুৱা দল পশ্চিম বংগৰ হৈ খেলি গৈছিল৷ এশৰো অধিক ঘৰুৱা খেল খেলা শুক্ল কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ী দলৰ সদস্য আছিল৷











