ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা নাপালে পৃথিৱীৰ সৰ্ববৃহৎ শ্ব’ অলিম্পিক৷ ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অলিম্পিক চলিত বছৰৰ ২৪ জুলাইৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে এইবাৰৰ অলিম্পিক এবছৰ অৰ্থাৎ অহা ২০২১ চনত আয়োজন কৰা হ’ব৷ ইয়াৰ লগতে পেৰালিম্পিকো এবছৰ পিছুৱাই গ’ল ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও অলিম্পিক তিনিবাৰ পিছুৱাই দিয়া হৈছিল৷ প্ৰথম বিশ্ব যুদ্ধত এবাৰ আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত দুবাৰকৈ অলিম্পিক পিছুৱাই দিয়া হৈছিল৷ মঙলবাৰে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতি টমাছ বাখেৰে জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেক টেলিকনফাৰেন্স যোগে অলিম্পিক পিছুৱাই দিয়াৰ কথা অৱগত কৰে৷ টকীয়’ অলিম্পিক পিছুৱাই দিয়াৰ ফলত জাপানৰ এক লাখ কোটি টকা লোকচান হয় ৷ এই অলিম্পিক পিছুৱাই দিয়াৰ ফলত জাপানৰ পৰ্যটন ক্ষেত্ৰত বিপুল ক্ষতি হয় ৷ ইপিনে, অলিম্পিকৰ প্ৰায় ৪৫ লাখ টিকট বিক্ৰী হয় ৷











