ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নামিল তাৰকা ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো৷ ফুটবল খেলুৱৈজন আৰু তেওঁৰ এজেণ্ট জৰ্জ মেন্দেছে পৰ্টুগালৰ চিকিৎসালয়ত থকা ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে ১০ লাখ ডলাৰৰো অধিক দান কৰিছে৷
তেওঁলোক দুয়োজনে লিছবনৰ ছাণ্টা মাৰিয়া হাস্পতালৰ দুটা ৱাৰ্ডৰ ১০ খন বিচনা, ভেণ্টিলেটৰ, হাৰ্ট মণিটৰ, ইনফিউজন পাম্প আৰু ছিৰিঞ্জৰ ব্যৱস্থা কৰি দিছে৷ এক বিবৃতিত চিকিৎসালয়ৰ তৰফৰ পৰা এই কথা জনাইছে৷ তদুপৰি তেওঁলোকে প’ৰ্টোৰ ছান্তা এণ্টনিয় হাস্পতালৰ ইনটেনছিভ কেয়াৰৰ ১৫ খন বিচনাৰ বাবে প্ৰয়োজনীয় ভেণ্টিলেটৰ, মণিটৰ আৰু অন্যান্য প্ৰয়োজনীয় সৰঞ্জামৰ বাবে ধন দিছে৷ এই তিনিটা ৱাৰ্ডত খেলুৱৈজনৰ নামেৰে কৰা হ’ব বুলি প্ৰকাশ৷













