ASSAM TIMES POST
নিউজ ডেস্ক
তাৰকা মল্লযোদ্ধা বজৰং পুনিয়াই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে তেওঁৰ ছমাহৰ দৰমহা দান কৰিব৷ সোমবাৰে এই কথা উল্লেখ কৰি টকীয় অলিম্পিক পিছুৱাবৰ বাবে আহ্বান জনায়৷ আগন্তুক টকীয় অলিম্পিকৰ পদক জয়ৰ সম্ভৱাৱনা পূৰ্ণ ২৫ বছৰীয়া পুনিয়াই বিশ্বত তিনি লাখ লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাত উদ্বেগ প্ৰকাশ কৰে৷
উল্লেখ্য যে ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক জয়ী বজৰং পুনিয়া ৰে’লৱেৰ বিশেষ কৰ্তব্যৰত বিষয়া৷











