ASSAM TIMES POST
নিউজ ডেস্ক
শনিবাৰে নিশা পৰ্যন্ত দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা আছিল ৮০ জন৷ কিন্তু দেওবাৰে পুৱা এই সংখ্যা বৃদ্ধি হৈ ১০০ জন হ’লগৈ৷ ইয়াৰে ভিতৰত আছে ১৭ জন বিদেশী নাগৰিক৷ এই পৰ্যন্ত কেৱল মহাৰাষ্ট্ৰত অৱস্থা গুৰুতৰ হৈ পৰিছে৷ এইখন ৰাজ্যত ক’ৰ’ণা ভাইৰাছত ১৯ জন লোক আক্ৰান্ত হৈছে৷
উল্লেখ্য যে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত ৫ হাজাৰ লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ইৰাণত ৬১১ জন লোকৰ মৃত্যু হৈছে৷ ইৰাণত ১২৭২৯ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে৷ আনহাতে চীনৰ পাছতে ইটালীত ক’ৰ’ণা ভাইৰাছে ভয়ংকৰ ৰূপ লৈছে৷ ইটালীত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ১৪৪১ জন লোকৰ মৃত্যু হৈছে৷
উল্লেখ্য যে ইৰাণত ক’ৰ’ণা ভাইৰাছৰ পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইপিনে, শনিবাৰে চীনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আন ১০ জন লোকৰ মৃত্যু হয়৷