
লেহ জিলা প্ৰশাসনে জনসাধাৰণক ‘উচটনি’ দিয়াৰ অভিযোগত বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ (Sonam Wangchuk) গতিবিধিত নিষেধাজ্ঞা জাৰি কৰিছে। আগন্তুক ৬০ দিনৰ বাবে লেহ জিলাত কোনো ধৰণৰ অকৰ্তৃত্বশীল সমদল, সমাৱেশ বা প্ৰতিবাদত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰা হৈছে। প্ৰশাসনিক সূত্ৰ অনুসৰি, ৱাংচুকৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী বিষয়াসকলে অনুৰোধ জনাইছিল। আৰক্ষীয়ে অভিযোগ কৰে যে ৱাংচুকে বিগত সময়ত কেইবাটাও কাৰ্যসূচীত জনসাধাৰণক উচটনি দিয়াৰ চেষ্টাই জিলাখনৰ আইন-শৃংখলা বিঘ্নিত কৰিছে।

প্ৰশাসনিক নিৰ্দেশনাত কোৱা হৈছে যে ভৱিষ্যতে যদি ৱাংচুকে কোনো ধৰণৰ প্ৰতিবাদ, অনশন বা ৰাজহুৱা সমাৱেশ অনুষ্ঠিত কৰে তেন্তে অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতা পুনৰ বিঘ্নিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। কেৱল সেয়াই নহয়, ইয়াৰ ফলত আগন্তুক পৌৰসভা, পঞ্চায়ত আৰু ‘লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ’ (এলএএইচডিচি)ৰ নিৰ্বাচনী প্ৰক্ৰিয়াতো ব্যাঘাত জন্মিব পাৰে। লেহ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ১৬৩ ধাৰা আৰোপ কৰি এই নিৰ্দেশ জাৰি কৰা হৈছে।
আদেশ অনুসৰি জনশান্তি বিঘ্নিত কৰা বা নিৰ্বাচন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰা কোনো কাৰ্যসূচীত ৱাংচুকে অংশগ্ৰহণ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা তৎক্ষণাত কাৰ্যকৰী হ’ব আৰু ইয়াক আইনগতভাৱে প্ৰত্যাহাৰ বা সংশোধন নকৰালৈকে অহা ৬০ দিনলৈকে বলৱৎ থাকিব। ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে সোঁৱৰাই দিছে যে ৰাজ্যৰ নিৰ্বাচন আয়োগ আৰু লাডাখৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশত ইতিমধ্যে জিলাখনত আদৰ্শ আচৰণ বিধি প্ৰৱৰ্তন কৰা হৈছে। উল্লেখ্য যে ২১ নৱেম্বৰত লাডাখৰ পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচন আৰু ৪ ডিচেম্বৰত পাহাৰীয়া পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।
কিন্তু হাড় কঁপোৱা ঠাণ্ডা আৰু তুষাৰপাতৰ বাবে এই সময়ছোৱাত লাডাখৰ প্ৰায় আধাসংখ্যক লোকে অন্য ৰাজ্যলৈ যায়। ইয়াৰ বাবে ৱাংচুক আৰু স্থানীয় নেতৃত্বই নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনাইছে। শেহতীয়াকৈ লেহৰ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে ৱাংচুকক আঁতৰাই দিয়াৰ পিছত প্ৰশাসনৰ এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।










