
টাটা ছন্স আৰু টাটা ট্ৰাষ্টৰ মাজত চলি থকা সংঘাতৰ মাজতে এইবাৰ মুখ খুলিলে ৰাহুল গান্ধীয়ে। তেওঁ কেন্দ্ৰক লক্ষ্য কৰি টাটা গ্ৰুপক “ধ্বংস” কৰাৰ অভিযোগ উত্থাপন কৰে। দেশৰ উদ্যোগপতিসকলকো সমালোচনা কৰে। লোকসভাৰ বিৰোধী দলপতিগৰাকী এই কথাত ক্ষুব্ধ যে এই পৰিস্থিতিতো কোনো উদ্যোগপতিৰ এটা শব্দ ক’বলৈ সাহস নাই। উদ্যোগপতিসকলক তেওঁৰ প্ৰশ্ন, “আপোনালোক কিমান দিন মৌন হৈ থাকিব?” যদিও ঔদ্যোগিক সমাজৰ কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল, কিন্তু কেন্দ্ৰই বিৰোধী নেতাগৰাকীক প্ৰত্যুত্তৰ দিছে।
টাটা গ্ৰুপৰ ভিতৰত আভ্যন্তৰীণ বিবাদ তীব্ৰতৰ হৈ পৰিছে। দেশৰ অন্যতম আগশাৰীৰ ঔদ্যোগিক সংঘবদ্ধ সংস্থাটোৰ নেতৃত্বত আছে দুটা গোট, এটা টাটা ট্ৰাষ্ট, আনটো টাটা ছন্স। তেওঁলোকৰ পৰিচালনা সমিতিয়ে এন চন্দ্ৰশেখৰনক টাটা ছন্সৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে। টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাই এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে। কোম্পানীটোৰ ভিতৰত এই আভ্যন্তৰীণ বিবাদৰ মাজতে এতিয়া টাটা গ্ৰুপৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ৰাহুল গান্ধীয়ে কেন্দ্ৰক দোষাৰোপ কৰিছে।

বুধবাৰে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ লিখিছে, “টাটাক অপৰাধমূলকভাৱে ধ্বংস কৰা হৈছে। কোনো উদ্যোগপতিয়ে এটা শব্দ ক’বলৈ সাহস নকৰে। কোনো ব্যৱসায়ী নেতাই এটা শব্দ ক’বলৈ সাহস নকৰে।” উদ্যোগপতিৰ ভূমিকাক সমালোচনা কৰি ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে, “আপোনালোকে কিমান দিন মৌন হৈ থাকিব? যেতিয়ালৈকে তেওঁলোকে আপোনাকো নিজৰ কবলত নলয়?”
ইয়াৰ পিছত তেওঁ কেন্দ্ৰক আক্ৰমণ কৰি কয়, “ভাৰতীয় উদ্যোগ মোদী-শ্বাহৰ খেলাৰ পুতলা নহয়। আপোনালোকৰ (উদ্যোগপতিসকলৰ) সাহসৰ অভাৱ হ’ব পাৰে, কিন্তু মোৰ নহয়।” ৰাহুল গান্ধীৰ এই পোষ্টৰ পিছত টাটা গ্ৰুপৰ পৰা কোনো ৰাজহুৱা সঁহাৰি পোৱা নাই। অৱশ্যে কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণেও লোকসভাৰ বিৰোধী দলপতিৰ বক্তব্যৰ ওপৰত প্রতিক্রিয়া প্রকাশ কৰিছে৷ ৰাহুল গান্ধীক ‘সকলো কামতে ৰাজনীতি নকৰিবলৈ’ পৰামৰ্শ দিয়ে। কংগ্ৰেছ নেতাগৰাকীক প্ৰত্যুত্তৰ দি বিত্তমন্ত্ৰীয়ে কয়, “আপুনি বাৰে বাৰে দেশৰ উদ্যোগ আৰু উদ্যোগপতিৰ সফলতাক গৰিহণা দি আহিছে। এতিয়া আপুনি আমাৰ উদ্যোগপতিসকলৰ মাজত অনাস্থা সৃষ্টি কৰি বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে নেকি?”












