
এটা সময়ত তেওঁ পেটৰ ভাতমুঠি মোকলাবৰ কাৰণে কাম বিচাৰিবলগা হৈছিল। দুবেলা দুমুঠি যোগাৰ কৰিবলৈ সামৰ্থ্য নাছিল তেওঁৰ। ৰূপান্তৰকামী (Transgender) হিচাপে ওলাই অহাৰ পিছত তেওঁৰ পৰিয়ালেও পিঠি দিয়ে। কিন্তু চিকিৎসক কোৱালা ৰুথ জন পলে (Dr. Koyyala Ruth John Paul) হাৰ নামানিল। কেৱল যুঁজ অব্যাহত ৰখাই নহয়, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়নৰ নামভৰ্তিৰ নিয়মত ৰূপান্তৰকামীৰ বাবে কোনো স্পষ্ট নিৰ্দেশনা নাছিল বাবে আদালতৰ দুৱাৰত টুকুৰিয়াইছিল। অৱশেষত শনিবাৰে তেওঁৰ দীৰ্ঘদিনীয়া অধ্যৱসায়ে ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়।
শেহতীয়াকৈ প্ৰকাশ পোৱা এমডি/এমএছ পৰীক্ষাৰ ফলাফলত সকলো বিষয়তে উত্তীৰ্ণ হৈ স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ভাৰতৰ প্ৰথমগৰাকী ৰূপান্তৰকামী (India’s first Transgender PG Doctor) হিচাপে পৰিগণিত হৈছে ৰুথ। ২০২৩-২৬ শিক্ষাবৰ্ষত হায়দৰাবাদৰ সনথনগৰৰ ইএছআইচি মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা ‘জৰুৰীকালীন চিকিৎসা’ বিষয়ত এই ডিগ্ৰী লাভ কৰিছে। সফলতাৰ পিছত ৰুথে কয়, “মই অতি সুখী। এইটো মোৰ আৰু আমাৰ সমাজৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। জীৱনৰ এক বৃহৎ কৃতিত্ব।”
হেৰুওৱা শৈশৱ আৰু পৰিয়ালৰ প্ৰত্যাখ্যান :
‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, খাম্মাম জিলাৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰুথ তিনিজন ভাই-ভনীৰ ভিতৰত সৰু। আঠ বছৰ বয়সত পিতৃক হেৰুৱাইছিল। ইয়াৰ পিছত তেওঁক মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল। নিজৰ জিলাৰ পৰা স্কুল আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰি নীটত (NEET) উত্তীৰ্ণ হৈ স্নাতক চিকিৎসা শিক্ষাত নামভৰ্তি কৰে। স্নাতক ডিগ্ৰী লাভৰ বাবে পঢ়ি থাকোঁতে তেওঁ এগৰাকী ৰূপান্তৰকামীৰ হিচাপে ওলাই আহিছিল। ইয়াৰ বাবেই তেওঁৰ পৰিয়ালে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ৰুথে প্ৰায় ছবছৰ ধৰি পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছিল।

চৰম বঞ্চনা আৰু আইনী যুদ্ধ :
পৰৱৰ্তী সময়ছোৱা চৰম আৰ্থিক অনিশ্চয়তা আৰু স্বাধীনভাৱে জীয়াই থকাৰ সংগ্ৰামত কটাবলগীয়া হৈছিল। ৰুথে কয়, “কেতিয়াবা এনেকুৱাও হৈছিল যেতিয়া মোৰ খাবলৈ একো নাছিল, জীয়াই থাকিবলৈও মই যুঁজিবলগীয়া হৈছিল আৰু কাম বিচাৰিবলগীয়া হৈছিল।” ২০২১ চনত ভাৰতৰ প্ৰথমটো ৰূপান্তৰকামী ক্লিনিক ‘মিত্ৰ ক্লিনিক’ (বৰ্তমান ‘সত্ৰংগা ক্লিনিক’)ত প্ৰায় দুবছৰ কাম কৰিছিল। ইয়াৰ লগতে ৰুথে পিজি এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতিও অব্যাহত ৰাখে।
অৱশ্যে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁৰ যুদ্ধ শেষ হোৱা নাছিল। স্নাতকোত্তৰ চিকিৎসাৰ বাবে কাউন্সেলিঙৰ সময়ত তেওঁ চৰম বাধাৰ সন্মুখীন হৈছিল। কাৰণ সেই সময়ত ৰূপান্তৰকামী প্ৰাৰ্থীৰ নামভৰ্তি সন্দৰ্ভত কোনো স্পষ্ট ‘প্ৰট’কল’ নাছিল। এনে পৰিস্থিতিত ৰূপান্তৰকামী অধিকাৰ কৰ্মী বৈজয়ন্তী বসন্ত মৌগলীৰ সহায়ত তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। প্ৰায় দুবছৰ ধৰি চলিছিল এই আইনী যুদ্ধ। অৱশেষত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশেৰে তেওঁৰ নামভৰ্তিৰ পথ প্ৰশস্ত হৈ পৰে। ২০২৩ চনত সনথনগৰৰ ইএছআইচি মেডিকেল কলেজ এণ্ড হস্পিটেলত ইমাৰ্জেন্সী মেডিচিনত আসন লাভ কৰে। নামভৰ্তি হোৱাৰ পিছত তেওঁ কৰ্মক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। জৰুৰীকালীন চিকিৎসাৰ প্ৰশিক্ষাৰ্থী হিচাপে মৃত্যুমুখত পৰা ৰোগীৰ চিকিৎসাৰ সময়ত ৰূপান্তৰকামী হিচাপে তেওঁ বহু বদনামৰ সন্মুখীন হৈছিল। ৰুথে কয় যে প্ৰথমতে তেওঁক দেখি বহুতে অস্বস্তি বা ভয় অনুভৱ কৰিছিল। “প্ৰথমতে কিছুমান মানুহে ভয় খাইছিল, তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাব নাজানিছিল। কিন্তু যেতিয়া মই ৰোগীসকলৰ লগত কথা পাতিছিলো আৰু যত্নপূৰ্বক চিকিৎসা কৰিছিলোঁ, তেতিয়া তেওঁলোকে মোক শলাগ ল’বলৈ আৰম্ভ কৰিছিল। প্ৰথমতে সন্দেহ প্ৰকাশ কৰা মানুহবোৰ এতিয়া মোৰ লগত বহুত আৰামদায়ক হৈ পৰিছে।” তেওঁ কয়।
স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত এতিয়া ৰুথ জন পলে নিজৰ শিক্ষাক মানুহৰ সেৱাত ব্যৱহাৰ কৰিব বিচাৰিছে। তেওঁৰ মূল লক্ষ্য হৈছে জৰুৰী আৰু নিবিড় যত্নৰ প্ৰয়োজন হোৱা ৰূপান্তৰকামীৰ কাষত থিয় দিয়া। ৰুথে আত্মবিশ্বাসেৰে কয়, “মই সকলোকে সেৱা আগবঢ়াব বিচাৰোঁ, বিশেষকৈ গুৰুতৰ চিকিৎসা জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হোৱা ৰূপান্তৰকামীসকলক। মই লিংগ পৰিচয় বা যৌনতাৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নকৰাকৈ চিকিৎসা সেৱা আগবঢ়াব বিচাৰোঁ।”











