
ভাৰতীয় মূলৰ অধিবক্তা তথা এই বছৰ শান্তিৰ নোবেল (Nobel peace prize) বঁটাবিজয়ী নৱী পিল্লাইক (Nobi Pillay) সমালোচনা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে শুকুৰবাৰে নোবেল বঁটাবিজয়ী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী নৱী পিল্লাইক গাজাত ইজৰাইলে ‘গণহত্যা’ সংঘটিত কৰা বুলি কৰা মন্তব্যৰ বাবে ‘উগ্ৰ ইহুদীবিৰোধী’ বুলি কটাক্ষ কৰে।
খবৰ অনুসৰি, শুকুৰবাৰে নেতানিয়াহুৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। পোষ্টটোত কোৱা হৈছে, “নোবেল বঁটা কমিটীয়ে নিজৰ নৈতিকতা হেৰুৱাই পেলাইছে। তেওঁলোক বিপথে পৰিচালিত হৈছে আৰু কেৱল ইহুদী ৰাষ্ট্ৰৰ বিৰুদ্ধে ভিত্তিহীন অপপ্ৰচাৰৰ পৰা কেৰিয়াৰ গঢ়ি তোলা এজনক সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে।” পোষ্টটোত লগতে দাবী কৰা হৈছে যে পিল্লায়ে ইহুদীসকলক দানৱীকৰণৰ প্ৰচেষ্টাক উচটনি দিয়ে । উল্লেখ্য যে পিল্লায়ে ৰাষ্ট্ৰসংঘৰ স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় তদন্ত আয়োগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আয়োগে যোৱা বছৰ নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে ইজৰাইলে গাজাত ‘গণহত্যা’ সংঘটিত কৰি আছে। সেই প্ৰতিবেদনৰ পিছত ইজৰাইল চৰকাৰে এই প্ৰতিবেদনৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ তথা ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মানৱ অধিকাৰ মুৰব্বী নৱনেথাম নৱী পিল্লাইক এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। শুকুৰবাৰে নৰৱেৰ অছলোত আনুষ্ঠানিকভাৱে তেওঁৰ নাম ঘোষণা কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম এ পিৰ তথ্য অনুসৰি, নৱী পিল্লাইৰ পূৰ্বপুৰুষ তামিল। কিন্তু পিছলৈ তেওঁলোক দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰে। তাতেই ডাৰবানত জন্মগ্ৰহণ হৈছিল তেওঁৰ। শুকুৰবাৰে নৰৱেৰ নোবেল কমিটীৰ অধ্যক্ষ জৰ্জেন ৱটনে ফ্ৰিডনেছে কয় যে বিশ্ব শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় আইন প্ৰসাৰৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে পিল্লাইক (৮৫) এই বঁটা প্ৰদান কৰা হৈছে। অনুষ্ঠানত তেওঁ কয়, “বিশ্ব শান্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত পিল্লাইৰ অৱদানে বহু লোকক অনুপ্ৰাণিত কৰিছে। ই আশাৰ সঞ্চাৰ কৰিছে।”










