
১৫৭ সংখ্যক গান্ধীজয়ন্তীৰ বিশেষ দিনটোত মুখ্যমন্ত্ৰীৰ উপহাৰ। মুখ্যমন্ত্ৰীয় মুকলি কৰিলে অসমৰ থলুৱা বাঁহৰে নিৰ্মিত ‘বেম্ব’ চাইকেল’। বেম্ব’ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বাঁহেৰে নিৰ্মাণ কৰা এই চাইকেলখন শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই বিশেষ বাঁহৰ চাইকেলখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে গান্ধীজয়ন্তীৰ শুভ দিনটোত এক নতুন প্ৰয়োগ আৰম্ভ কৰা হৈছে। পুনেৰ বেম্ব’ ইণ্ডিয়াই প্ৰতিমাহে এহেজাৰ বাঁহেৰে নিৰ্মিত চাইকেল উৎপাদনৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ অংশ হিচাপে আজি কেইবাখনো চাইকেল মুকলি কৰা হয়।

আনহাতে, প্ৰথম পৰ্যায়ত এই চাইকেলসমীহ মহানগৰীৰ উদ্যানসমূহত ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। যদি এই চাইকেলক ৰাইজে আদৰি লয় তেন্তে ভৱিষ্যতে অধিক বাঁহৰ চাইকেল নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি ফলাফল ভাল বুলি মানুহে প্ৰতিক্ৰিয়া দিলে ভৱিষ্যতে চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ আঁচনিত এই বাঁহৰ চাইকেল অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।
উল্লেখ্য যে ছয়গাঁৱৰ বেম্ব’ পাৰ্কত পুনেৰ বেম্ব’ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোক বাঁহৰ চাইকেল নিৰ্মাণৰ বাবে স্থান প্ৰদানৰ বাবে যোৱা ছেপ্টেম্বৰ মাহত অসম ঔদ্যোগিক উন্নয়ন লিমিটেড আৰু বেম্ব’ ইণ্ডিয়াৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল৷ উল্লেখ্য যে এই বাঁহৰ চাইকেলখন মাত্ৰ ৫ টকাত চাৰ্জ কৰিলে ৫০ কিলোমিটাৰ চলাব পাৰি।













