ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2026
Reading Time: 1 min read
A A
0
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

RELATED POSTS

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

New Logo Smal 2 | ASSAM TIMES POST

ফ্লাইডুবাই বিমানখনৰ আহত ভাৰতীয় পাইলট স্মিট মাচ্চাৰে (Pilot Smit Machchhar) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতে। শুকুৰবাৰে পুৱা ভিডিঅ’ কলত দুয়োৱে কথা পাতে। প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ প্ৰশংসা কৰে মাচ্চাৰৰ বীৰত্বক। আৱেগিক স্মিটে ব্যক্ত কৰে বিপদৰ সময়ত তেওঁ কেনেকৈ সাহস গোটাইছিল। প্ৰধানমন্ত্ৰীৰ সৈতে কথা পতাৰ সময়ত স্মিটৰ মূৰত বেণ্ডেজ আৰু নাকত অক্সিজেন টিউবো আছিল।

স্মিটে মোদীক কয় যে যেতিয়াই তেওঁৰ বিপদ হয় তেতিয়াই তেওঁ হনুমান চালিছা পাঠ কৰে। বুধবাৰে সহ-পাইলটৰ আক্ৰমণৰ পিছতো তেওঁৰ মনোবল বৃদ্ধি কৰিবলৈ তেওঁ এই কাম কৰিছিল। ভাৰতীয় পাইলটজনে সেইদিনা বিমানত কি হৈছিল সেই কথাও প্ৰধানমন্ত্ৰীক বর্ণনা কৰে৷ তেওঁ কয়, “মই ১৭ বছৰ ধৰি বিমান চলাই আহিছোঁ। যোৱা ১১ বছৰ ধৰি মই কেপ্টেইনৰ ভূমিকা পালন কৰি আহিছোঁ। মই জানিছিলোঁ যে মই শেষ প্ৰচেষ্টা এটা কৰিব লাগিব। মই কেনেবাকৈ ককপিটৰ দুৱাৰখন খুলি দিলোঁ। ফলত সকলোৱে ভিতৰলৈ সোমাবলৈ সক্ষম হ’ল।”

আনহাতে, স্মিটক প্ৰশংসা কৰি মোদীয়ে কয়, “এইবাৰ দেশে গৌৰৱেৰে ক’ব পাৰে যে ভাৰতীয়ই জীৱন কাঢ়ি নলয়, কিন্তু নিজৰ জীৱন বিপন্ন কৰি আনক বচাবও পাৰে।” ভাৰতীয়ক গৌৰৱান্বিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে স্মিটক ধন্যবাদ জনায়। কথা-বতৰাৰ মাজতে এটা সময়ত তেওঁলোকৰ মাজত ব্যক্তিগত কথা-বতৰাও হৈছিল। স্মিটে মোদীক কয়, “আপুনি মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। আপুনি মোক ফোন কৰি মোক এনেদৰে উৎসাহিত কৰাত মই গৌৰৱ অনুভৱ কৰিছোঁ। মই বহুত কষ্ট সহ্য কৰিছোঁ। কিন্তু মই নিজকে কৈছিলোঁ যে মই থিয় হৈ কিবা এটা কৰিব লাগিব।” কথা কওঁতে স্মিটৰ চকুলো বাগৰি আহে। মোদীয়ে কয় যে সমগ্ৰ দেশে স্মিটৰ আশু আৰোগ্য কামনা কৰিছে।

modi | ASSAM TIMES POST
সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

বুধবাৰে ডুবাইৰ পৰা টেল আভিভলৈ উৰা মাৰিছিল ফ্লাইডুবাই বিমান এফজেড১০৭৩ (FZ 1073)। স্থানীয় সময় অনুসৰি পুৱা ৬.৪৯ বজাত উৰা মাৰিছিল বিমানখন। বিমান যাত্ৰাৰ আঢ়ৈ ঘণ্টাৰ পিছত সকলো ঠিকেই আছিল। বিমানখন ৩৪ হাজাৰ ফুট উচ্চতাত থকাৰ সময়ত সহ-পাইলটে ককপিটত থকা পাইলটজনক ছুৰীৰে আঘাত কৰে। কেৱল সেয়াই নহয়, বিমানখন ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে।

ভাৰতীয় পাইলট স্মিটে সহ-পাইলটৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱাৰ পিছতো বিমানখন নমাই নিবলৈ নিদিলে। তেওঁৰ মূৰ, হাত আৰু শৰীৰত বিভিন্ন ঠাইত আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। বিমানত থকা এজন চিকিৎসকে স্মিটৰ চিকিৎসা মজিয়াতে কৰিছিল। বিমানখনে ছৌদি আৰবত জৰুৰীকালীন অৱতৰণ কৰাৰ পিছত তাতেই তেওঁ চিকিৎসাধীন হৈ আছিল। পিছলৈ তেওঁক সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ পূৰ্বে মোদীৰ উপৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে স্মিটৰ সাহসিকতাৰ প্ৰশংসা কৰিছে। জন্মসূত্ৰে গুজৰাটী স্মিটক তেওঁৰ বীৰত্বৰ বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰে ‘বিশিষ্ট গুজৰাট গৰিমা’ উপাধি প্ৰদান কৰিছে।

শুকুৰবাৰে ভিডিঅ’ কলৰ শেষৰ ফালে প্ৰধানমন্ত্ৰীয়ে গুজৰাটী ভাষাতো কিছু মুহূৰ্তৰ বাবে স্মিটৰ সৈতে কথা পাতে। পিছত মুখামুখি বৈঠকত বিমান দুৰ্ঘটনা সম্পৰ্কে আৰু বহু কথা শুনিব বিচাৰিব বুলি মোদীয়ে কয়, যিবোৰ ফোনযোগে আলোচনা কৰাটো উপযুক্ত নহয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SmitMachchhar
Share4Tweet3Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

by News Desk
October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

by News Desk
October 2, 2026
50
Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ
National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

by News Desk
October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

by News Desk
October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
51
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
51
ADVERTISEMENT
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d