
এগৰাকী মহিলাই দাখিল কৰা এজাহাৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে (Delhi HIgh Court) ককৰোচ জনতা পাৰ্টীৰ (CJP) মুৰব্বী অভিজিৎ দীপকে (Abhijit Deepak), মুখপাত্ৰ সৌৰভ দাস (Sourabh Das) আৰু আশুতোষ ৰাংকাক (Ashutosh Ranka) জাননী জাৰি কৰিছে। দিল্লীৰ যন্তৰ-মন্তৰত চিজেপিৰ প্ৰতিবাদৰ সময়ত তেওঁৰ কিছুমান ছবি তেওঁৰ অনুমতি অবিহনে ‘বিকৃত’ কৰি প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। সেই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। যদিও আৰক্ষীৰ এফআইআৰত দীপকেৰ নাম উল্লেখ কৰা হোৱা নাছিল, তথাপিও শুকুৰবাৰে তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হয়।
মহিলাগৰাকীয়ে অভিযোগ কৰা ছবি আৰু ভিডিঅ’সমূহ ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ উচ্চ ন্যায়ালয়ে মেটাকো নিৰ্দেশ দিছে। মহিলাগৰাকীক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। মহিলাগৰাকীৰ এই আবেদন সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত ‘ষ্টেটাছ ৰিপ’ৰ্ট’ দাখিল কৰিবলৈ দিল্লী আৰক্ষীক আদালতে কয়।

নীট কেলেংকাৰিৰ প্ৰতিবাদত চিজেপিয়ে যোৱা ২০ জুনৰ পৰা যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিল। ২৫ জুলাইত ইয়াৰ অন্ত পৰে। এ আই প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁৰ মুখখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত একত্ৰিত কৰা বুলি অভিযোগ উত্থাপন কৰে এগৰাকী মহিলাই। ইয়াৰ বিষয়বস্তুৰ ওপৰত তেওঁ আপত্তি দাঙি ধৰিছে। অনুমতি অবিহনে বিকৃত ছবিখনৰ বেনাৰ আৰু পোষ্টাৰ লগোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ। ইয়াক ছ’চিয়েল মিডিয়াতো প্ৰচাৰ হৈছিল। এই সন্দৰ্ভত দিল্লী আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰে। তেওঁ দীপক, সৌৰভকে আদি কৰি কেইজনমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ এফআইআৰত দীপকেৰ নাম উল্লেখ কৰা হোৱা নাই। ইয়াৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক জাননী প্ৰেৰণ কৰিছে।
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গিৰীশ কাঠপলিয়াই পৰ্যবেক্ষণ কৰে, “এয়া এক অস্বাভাৱিক পৰিস্থিতি য’ত কেৱল এগৰাকী মহিলাই নহয়, দেশৰ প্ৰধানমন্ত্ৰীও জড়িত হৈ আছে। যদি তেওঁলোক সংবেদনশীল নহয়, তেন্তে আমি সেইটো হোৱাটো নিশ্চিত কৰিম।”













