
অবৈধ গৰু সৰবৰাহৰ (Illegal cow supply) বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত (Assam police operation continues) আছে। বিগত এটা সপ্তাহত অসমৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা শতাধিক গৰুসহ গ্ৰেপ্তাৰ হৈছে কেইবাজনো অবৈধ গৰু সৰবৰাহকাৰী। অসম আৰক্ষীৰ কঠোৰ পদক্ষেপত এইবাৰ নলবাৰী আৰু দৰং জিলাত জব্দ কৰা হৈছে প্ৰায় ৫০টা অবৈধভাৱে সৰবৰাহ কৰা গৰু। লগতে এই অবৈধ গৰু সৰবৰাহৰ লগত জড়িত দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে এটা ফেচবুক পোষ্টত লিখিছে, “গো-সৰবৰাহকাৰীসকল সাৱধান!”

তেওঁ লিখিছে, “অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে। দুটা পৃথক অভিযানত দৰং আৰু নলবাৰী আৰক্ষীয়ে অবৈধভাৱে সৰবৰাহ কৰা ৫০টা গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহত ব্যৱহৃত বাহন জব্দ কৰিছে আৰু ২জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।”
গোধনৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায়ৰ বিৰুদ্ধে সাৱধানবাণী দি মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, “অসমত গোধনৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায় কোনো কাৰণতে সহ্য কৰা নহ’ব। আইনৰ বিৰুদ্ধে গৈ এনে কাৰ্যত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”












