ASSAM TIMES POST
নিউজ ডেস্ক: ছেমিফাইনেল খেল নেখেলাকৈ ফাইনেল পালেগৈ মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত৷ প্ৰথমবাৰৰ বাবে এই টুৰ্নামেণ্টত ফাইনেলত উপনীত হ’ল ভাৰত৷ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বতাধীন দলটোৱে আজি ছিডনীত ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেল খেলাৰ কথা আছিল৷ কিন্তু বৰষুণৰ বাবে খেলখন অনুষ্ঠিত কৰিব পৰা নগ’ল৷ আই চি চি নিয়ম অনুসৰি গ্ৰুপ পৰ্যায়ত পইণ্টৰ তালিকাত শীৰ্ষত থকা দলকে ফাইনেলত অংশ ল’ব পাৰিব৷ সেই অনুসৰি ভাৰত ফাইনেলত উপনীত হয়৷














