
দিল্লীৰ এখন চিকিৎসালয়ত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ (Former Congress MP) সজ্জন কুমাৰৰ মৃত্যু (death of Sajjan Kumar) হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ১৯৮৪ চনত শিখবিৰোধী হিংসাৰ (Anti-Sikh violence) একাধিক গোচৰত দোষী সাব্যস্ত (Found guilty) হোৱা সজ্জন কুমাৰ তিহাৰ জে’লত আছিল। যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা অৱস্থাত অসুস্থ হৈ পৰে সজ্জন কুমাৰ। তেওঁক দিল্লীৰ চফদৰজং হাস্পতাললৈ লৈ যোৱা হয়। বৃহস্পতিবাৰে তাতেই তেওঁৰ মৃত্যু হয়। চিকিৎসালয় কৰ্তৃপক্ষই অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট কৰা নাই।
১৯৮৪ চনত শিখবিৰোধী আক্ৰমণত উচটনি দিয়া আৰু সক্ৰিয় ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰা হয় তেওঁৰ বিৰুদ্ধে। দেশজুৰি সেই আক্ৰমণত হাজাৰ হাজাৰ শিখৰ মৃত্যু হৈছিল। পাঁচজন শিখক হত্যা কৰি গুৰদ্বাৰাত জুই লগাই দিয়া অভিযোগত সজ্জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ২০১৮ চনৰ ১৭ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে সজ্জনে কংগ্ৰেছ ত্যাগ কৰে। তেতিয়াৰে পৰাই তেওঁৰ ঠিকনা আছিল তিহাৰ জে’ল। পিছত ২০২৫ চনত দিল্লীৰ আদালতে তেওঁক দুজন শিখক হত্যা কৰাৰ আন এটা গোচৰত দোষী সাব্যস্ত কৰে। পুনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হয় প্ৰাক্তন সাংসদগৰাকীৰ।
সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে অসুস্থ অৱস্থাত সজ্জন কুমাৰক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ, বয়সৰ লগত জড়িত কোনো ৰোগ আছিল নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। চিকিৎসালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই।

উল্লেখ্য যে ৰাজধানীত কংগ্ৰেছৰ প্ৰথম শাৰীৰ নেতা আছিল সজ্জন কুমাৰ। তেওঁ তিনিবাৰকৈ বহিঃদিল্লী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত সমগ্ৰ দেশতে শিখবিৰোধী প্ৰতিবাদ, অশান্তি আৰু হিংসাত্মক ঘটনা সংঘটিত হৈছিল। যিহেতু ইন্দিৰা গান্ধীক হত্যা কৰা দেহৰক্ষীসকল শিখ আছিল, সেয়েহে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শিখক লক্ষ্য কৰি লোৱা হৈছিল। চিনাক্ত কৰি ঘৰ-দোকানত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হয়।
সেই সময়ছোৱাত সজ্জনৰ বিৰুদ্ধে দুটা পৃথক ঘটনাত সাতজন শিখক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। গুৰদ্বাৰত জুই লগাই সাম্প্ৰদায়িকতাক উচটনি দিয়াৰ অভিযোগো আছিল তেওঁৰ বিৰুদ্ধে । এই সন্দৰ্ভত গোচৰটো দীৰ্ঘদিন ধৰি আদালতত চলি থাকে। পিছত সজ্জনক দোষী সাব্যস্ত কৰা হয়। ইয়াৰ উপৰি এই হিংসাত্মক ঘটনাত কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল। তাৰে কোনোবাটোত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল, কোনোবাটোত তেওঁক দোষমুক্ত কৰা হৈছিল। কিন্তু শেষত তেওঁৰ ঠিকনা হ’ল তিহাৰ।
২০১৮ চনত সজ্জন কুমাৰে দিল্লী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তাত গোচৰ নিষ্পত্তি হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।











