
মঙলবাৰে নিশা কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটৰ (Mirza Ghalib Street in Kolkata) এখন হোটেলত অগ্নিকাণ্ড (Fire in the hotel) সংঘটিত হয়। অগ্নিকাণ্ডৰ ধোঁৱা অট্টালিকাটোৰ কেইবাখনো হোটেললৈ বিয়পি পৰে। এই খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী উক্ত স্থানত উপস্থিত হয়। সূত্ৰ অনুসৰি, ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হৈ কেইবাজনো লোক অচেতন হৈ পৰে। উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাত এটা শিশুসহ ৯ জন লোকৰ মৃত্যুৰ (Nine people, including a child, died) খবৰ পোৱা গৈছে।
জানিব পৰা মতে, মঙলবাৰে মাজনিশা ২ মান বজাত মিৰ্জা গালিব ষ্ট্ৰীটৰ এখন হোটেলৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয়। হোটেলখনৰ কোঠাবোৰ ধোঁৱাৰে ভৰি পৰে। চাৰিওফালৰ অঞ্চললৈ বিয়পি পৰে অগ্নিকাণ্ড। আতংকিত হৈ দৌৰিবলৈ ধৰিে বাসিন্দাসকল। অগ্নিকাণ্ড সংঘটিত হোৱা হোটেলখনৰ পিছফালে এটা অট্টালিকাত অৱস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ মুখ্য কাৰ্যালয়। পুৱা ২.০৭ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰে।
কেৱল অগ্নিনিৰ্বাপক বাহিনীয়েই নহয়, নিউ মাৰ্কেট থানাৰ আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়েও এই খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰথমে বাহিৰৰ পৰা জুই নুমুৱাবলৈ চেষ্টা কৰে। পিছত হোটেলখনত প্ৰৱেশ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ জুই লাগিল? অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাৰম্ভিক অনুমান যে শ্বৰ্ট চাৰ্কিটৰ বাবে আৰম্ভ হ’ব পাৰে। অৱশ্যে বিষয়টোৰ বিতং তদন্ত কৰা হ’ব। ফৰেনছিক বিশেষজ্ঞই এই স্থান পৰিদৰ্শন কৰিব।

হোটেলখনৰ বাসিন্দাসকল শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয়। বাহিৰৰ পৰা কোনো ধৰণৰ জুইৰ শিখা দেখা পোৱা নাছিল বুলি দাবী কৰিছে স্থানীয় ৰাইজে। কেৱল ক’লা ধোঁৱা ওলাই অহা দেখা গৈছিল। অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে মানুহ হোটেলৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে। অভিযোগ অনুসৰি, হোটেলখনৰ প্ৰৱেশদ্বাৰ আৰু প্ৰস্থান অতি সংকীৰ্ণ। ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। জানিব পৰা মতে, ৬০ জন বাসিন্দাক উদ্ধাৰ কৰা হৈছে। অৱশ্যে বহুতেই অচেতন হৈ পৰিছিল। তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃতদেহত কোনো ধৰণৰ জ্বলা বা পোৰাৰ চিন দেখা পোৱা নাই। চিকিৎসকৰ প্ৰাৰম্ভিক অনুমান যে তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। কেইবাজনো লোকৰ অৱস্থা এতিয়াও সংকটজনক।
হোটেলখনৰ অগ্নিনিৰ্বাপক ব্যৱস্থাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। হোটেলখনত বা ইয়াৰ আশে-পাশে থকা হোটেলসমূহত পৰ্যাপ্ত অগ্নিনিৰ্বাপক ব্যৱস্থা আছিল নে নাই সেই লৈ আৰক্ষীৰ সন্দেহ। ইতিমধ্যে আৰক্ষীয়ে হোটেলখনৰ লগতে ইয়াৰ আশে-পাশে ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে হোটেলখনৰ লিফট বন্ধ হৈ যায়। মানুহে চিৰিৰে নামিবলৈ চেষ্টা কৰে। অৱশ্যে হোটেলখনৰ ভিতৰতে আবদ্ধ হৈ পৰে কেইবাজনো। বাট বিচাৰি নাপালে তেওঁলোকে। ধোঁৱা বাঢ়ি গৈ তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ পৰে। হোটেলৰ ভিতৰতে তেওঁলোকে চেতনা হেৰুৱাই পেলায়। আৰক্ষীয়ে জনোৱা মতে, পুৱা ৪.৩০ বজাৰ ভিতৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ হয়। চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগতো তাৰাপিঠৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হয়। উক্ত ঘটনাত অগ্নিদগ্ধ হৈ ৯ জন বাসিন্দাৰ মৃত্যু হয়। ঘটনাৰ নিশা তাৰাপিঠ আৰক্ষীয়ে হোটেলৰ মালিক প্ৰবীৰ পাল আৰু তেওঁৰ পুত্ৰ কল্যাণ আশিস পালক গ্ৰেপ্তাৰ কৰে। এইবাৰ কলকাতাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।












