
দেশৰ ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে (Against 14 Chief Ministers) গুৰুতৰ অপৰাধমূলক গোচৰ (Serious criminal case)। দেশৰ শীৰ্ষ আদালতত শেহতীয়াকৈ এই কথা উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া আদালত বন্ধু (Amicus curiae) বিজয় হান্সাৰিয়াই। আদালতৰ বন্ধুৱে তথ্য প্ৰদান কৰি আৰু প্ৰয়োজন হ’লে পৰামৰ্শ দি আদালতক সহায় কৰে।
উচ্চতম ন্যায়ালয়ত আদালত বন্ধুৱে দাখিল কৰা ৯৬ পৃষ্ঠাৰ প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বাধিক এনে গোচৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ বিৰুদ্ধে আছে। এইগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৮৯টা গুৰুতৰ অপৰাধমূলক গোচৰ আছে। সংখ্যাৰ ক্ষেত্ৰত পৰৱৰ্তী স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। তেওঁৰ বিৰুদ্ধে এনেধৰণৰ ২৯টা গোচৰ আছে।
গুৰুতৰ অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। তেওঁৰ বিৰুদ্ধে ১৯টা গোচৰ আছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ১৯টা গোচৰ আছে। কেৰালাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনৰ বিৰুদ্ধে ১৮টা গোচৰ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী হেমন্ত ছোৰেনৰ বিৰুদ্ধে ৫টা গোচৰ, মহাৰাষ্ট্ৰৰ বিজেপি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছৰ বিৰুদ্ধে ৫টা গোচৰ আছে। হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ বিৰুদ্ধে চাৰিটা গুৰুতৰ অপৰাধমূলক গোচৰ আছে।

আনহাতে, তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা টিভিকেৰ মুৰব্বী চি জোচেফ বিজয় ওৰফে থলপতি আৰু বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ বিৰুদ্ধে দুটাকৈ গোচৰ আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং তামাং, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ বিৰুদ্ধে এটাকৈ গোচৰ আছে।
বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰৰ তালিকাত শীৰ্ষত আছে পশ্চিমবংগ। ৰাজ্যখনত দল নিৰ্বিশেষে ১৭০ জন বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ চলি আছে। শতাংশ হিচাপত ৫৮ শতাংশ। শতাংশ হিচাপত পশ্চিমবংগৰ পিছতে আছে কেৰালা (৫৭), অন্ধ্ৰপ্ৰদেশ (৫৬), তেলেংগানা (৪৯), ঝাৰখণ্ড (৪৫) আৰু ওড়িশা (৪৫)।
আদালতৰ প্ৰতিবেদনত কোৱা হৈছে যে ১৭০ জন লোকসভা সাংসদৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে। ৰাজ্যসভাৰ ৭৫ গৰাকী সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। ইয়াৰে ৪০ জনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। তেলেংগানাৰ পৰা অহা ১৭ জন লোকসভা সাংসদৰ ভিতৰত ১১ জনৰ বিৰুদ্ধে এনে গোচৰ আছে। পশ্চিমবংগৰ ৪২জন সাংসদৰ ভিতৰত ১৬ জন গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত।











