ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
August 18, 2026
Reading Time: 1 min read
A A
0
Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

অনিয়মৰ অভিযোগৰ বাবে ঝাৰখণ্ড লোকসেৱা আয়োগ (Jharkhand Public Service Commission) আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগ (Jharkhand Staff Selection Commission)ৰ নিযুক্তি পৰীক্ষা বাতিল (Appointment exam cancelled) কৰা হ’ব। এই কথা সোমবাৰে নিশা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা শাসকীয় জেএমএমৰ মুৰব্বী হেমন্ত ছোৰেণে ঘোষণা (Hemanta Sorent announces) কৰে। তেওঁ কয় যে ‘টি এছ আৰ ডাটা প্ৰচেছিং লিমিটেড’ৰ দ্বাৰা অনুষ্ঠিত কৰা সকলো পৰীক্ষা বাতিল কৰা হ’ব। পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এখন কমিটী গঠন কৰিব চৰকাৰে। এই সমিতিৰ নেতৃত্বত থাকিব জ্যেষ্ঠ আই এ এছ বিষয়া অমিতাভ কৌশল।

উল্লেখ্য, উৎকোচৰ বিনিময়ত ঝাৰখণ্ডৰ ব্লেকলিষ্টেড কোম্পানী টি এছ আৰৰ ‘ডাটা প্ৰচেছিং লিমিটেড’ক লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিয়াৰ অভিযোগত ইতিমধ্যে জে পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ খিয়াংটেক গ্ৰেপ্তাৰ কৰিছে ঝাৰখণ্ড চি আই ডিয়ে। শেহতীয়াকৈ সমাপ্ত হোৱা সংসদৰ বৰ্যাকালীন অধিৱেশনত গৃহীত হোৱা প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক (ৰাজহুৱা পৰীক্ষা, অন্যায় উপায় প্ৰতিৰোধ, সংশোধনী বিধেয়ক, ২০২৬) অনুসৰি অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ধাৰাবাহিকভাৱে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত জেপিএছচি (কম্বাইণ্ড গ্ৰেজুৱেট লেভেল বা চিজিএল) আৰু জেএছএছচিৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে সোমবাৰে মিত্ৰদল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে হেমন্ত ছোৰেণলৈ এখন পত্ৰ লিখিছিল। পত্ৰখনত লোকসভাত বিৰোধী দলৰ নেতাগৰাকীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ দাবীক ‘ন্যায্য’ বুলি অভিহিত কৰে।

sorent1 | ASSAM TIMES POST
অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়ে মিত্ৰ হেমন্ত ছোৰেণক পৰামৰ্শ দিয়ে, “প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিৰ সৈতে নিজেই কথা পাতক।” ৰাহুল গান্ধীৰ পত্ৰৰ পিছতে এই নতুন পদক্ষেপৰ কথা ঘোষণা কৰা হয়। সংবাদমেলত তেওঁ কয়, “জেপিএছচি (চিজিএল) আৰু জেএছএছচি পৰীক্ষা বাতিল কৰাৰ উপৰি ২০১৪ চনৰ পৰা বিভিন্ন পৰীক্ষাত সৰু আৰু ডাঙৰ অনিয়মৰ সকলো অভিযোগৰ তদন্ত কৰা হ’ব।”

অৱশ্যে তেওঁৰ এই ঘোষণাৰ পিছতো প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে সন্তুষ্ট নহয় বুলি কয়। উল্লেখ্য যে চৰকাৰী চাকৰিৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত যোৱা ২৫ দিন ধৰি ৰাঁচীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চাকৰি প্ৰত্যাশীসকলে। যুৱ সমাজকৰ্মী দেৱেন্দ্ৰনাথ মাহাতোৱে ২ আগষ্টৰ পৰা অনশন কৰি আহিছে। কিন্তু ৰাজ্যখনৰ জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিবাদকাৰীৰ প্ৰতি কোনো সহানুভূতি প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী মানি লোৱা নহ’ল। কিন্তু ১০ আগষ্টত বিধানসভা অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অশান্তিৰ পিছত লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে আৰক্ষীৰ দমন কাৰ্যক সমালোচনা কৰে। তেওঁ কয়, “ঝাৰখণ্ডত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত বল প্ৰয়োগ কৰাটো ভুল। ছাত্ৰ-ছাত্ৰীৰ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে।”

Tags: Jharkhandexamcancelled
Share4Tweet3Send

Related Posts

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

by News Desk
August 18, 2026
50
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী
National-International

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

by News Desk
August 18, 2026
50
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক
National-International

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

by News Desk
August 18, 2026
50
Terrorist arrested : ১৫ আগষ্টৰ পূৰ্বে ২ শতাধিক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, আক্ৰমণৰ পৰিকল্পনা বিফল; অমিত শ্বাহ

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

ADVERTISEMENT
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
50
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী
National-International

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

August 18, 2026
50
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক
National-International

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

August 18, 2026
50
Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা
National-International

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

August 18, 2026
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT