ASSAM TIMES POST
নিউজ ডেস্ক: আই চি চি মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰি অভিলেখ কৰিছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে৷ নাম শেফালী বাৰ্মা৷ মাত্ৰ ১৬ বছৰ বয়সতে টি-২০ ক্ৰিকেটত আই চি চি মহিলা ৰেংকিঙত বিশ্বৰ এক নম্বৰ স্থান লাভ কৰিছে এইগৰাকী মহিলা ক্ৰিকেটাৰে৷ ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেন হিচাপে মিতালী ৰাজ এক নম্বৰলৈ উঠিছিল৷ উল্লেখ্য যে মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত এইবাৰ সৰ্বোচ্চ ১৬১ ৰান কৰিছে শেফালীয়ে৷ তেওঁৰ ষ্ট্ৰাইক ৰেট ১৬১৷ টুৰ্নামেণ্টত সৰ্বাধিক ছয় মাৰিছে শেফালীয়ে৷ মন কৰিব লগীয়া যে কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে আই চি চি মহিলা ৰেংকিঙত এক নম্বৰলৈ উঠিছে শেফালী৷ তেওঁ নিউজীলেণ্ডৰ ছুজি বেটছৰ এক নম্বৰ স্থানৰ পৰা নমাই সেই স্থান দখল কৰে৷ শেফালীৰ এই কৃতিত্বত সমগ্ৰ দেশবাসী গৌৰাৱাম্বিত৷













