ডিফুঃ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ ৰেলষ্টেচনক উন্নীত কৰণৰ সৎ প্ৰচেষ্টালৈ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী পিযুষ গোৱেলক সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীৰ হাতত ডিফুৰ সাংসদ হৰেণছিং বে’ই এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷ বহু পৰিমাণৰ যাত্ৰীৰ সমাগম আৰু কেইবাখনো জিলা আৰু নাগালেণ্ডৰ দৰে ৰাজ্য এখনক সংযুক্ত কৰা ডিফু ৰেল ষ্টেছনৰ কেতবোৰ দীৰ্ঘদিনীয়া ৰেলৰ ষ্টপেজ আদি দাবী সন্নিবিষ্ট থকা স্মাৰক পত্ৰখনত ক্ৰমে, ডিফু ৰেল ষ্টেচনত জনশতাব্দী, ডিব্ৰুগড়, শিলচৰ-বৰাক এক্সপ্ৰেছক ডিফু ৰেলষ্টেছনত কমেও ৫ মিনিট আৰু মৰিয়ণি এক্সপ্ৰেছ হাৱাইপুৰ ৰেলষ্টেচনত কম পক্ষেও দুই মিনিট সময়ৰ ষ্টপেজ, অতিকৈ শোচনীয় অৱস্থাত থকা ডিফু ৰেল’ ষ্টচনৰ উন্নীতকৰণ কৰা, পাহাৰীয়া ৰাইজৰ দীৰ্ঘ দাবী অনুসৰি ডিফু ৰেল ষ্টেচনত এছকেলেটৰৰ স্থাপন কৰা, সাধাৰণ শ্ৰেণীৰ যাত্ৰীৰ বাবে মহিলা আৰু পুৰুষৰ অপেক্ষা গৃহ নিৰ্মাণ কৰা, নতুন প্লেটফৰ্মত শেহতীয়া আৰ্হি আৰু তথ্য প্ৰযুক্তি সম্বলিত ষ্টেচন নিৰ্মাণ কৰা আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে শেহতীয়া আৰ্হি আৰু তথ্য- প্ৰযুক্তিযুক্ত অপেক্ষা গৃহ নিৰ্মাণ কৰা দাবীৰ কথাও উল্লেখ আছে ৷ স্মাৰক পত্ৰখনৰ যোগেদি ডিফুৰ সাংসদ হৰেণছিং বে’ই পাহাৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সম্মান জনাই দাবী সমূহ পূৰণ কৰিবলৈ ৰেল ৰাজ্য মন্ত্ৰী গৰাকীলৈ আহ্বান জনায় ৷ সাংসদগৰাকীৰ এই পদক্ষেপত সমগ্ৰ কাৰ্বি আংলংবাসী উৎফুল্লিত হোৱাৰ লগতে সাংসদগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷