
পদত্যাগ কৰিলেও শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়ৰ অস্বস্তিয়ে পিছ এৰা নাই। এইবাৰ প্ৰণামীৰ ধন চুৰৰ গোচৰত তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে।

অযোধ্যাৰ অধিবক্তাসকলে ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰি গোচৰত আৰম্ভণিৰে পৰাই চম্পতৰ ওপৰত ক্ষুব্ধ হৈ আছিল। অযোধ্যা ত্যাগ নকৰিলে বৃহত্তৰ আন্দোলনৰ কথা সকীয়াই দিছিল অধিবক্তাসকলে।
এনে পৰিস্থিতিত বৃহস্পতিবাৰে বিয়লি তেওঁলোক অযোধ্যাৰ ৰাম জন্মভূমি আৰক্ষী থানালৈ যায়। তাতে অধিবক্তাই ট্ৰাষ্টৰ প্ৰাক্তন মুৰব্বী চম্পতৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। চম্পতৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰিবলৈ দাবী জনাইছে। প্ৰণামী চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আঠজন লোকৰ ভিতৰত অন্যতম ৰামশংকৰ যাদৱ ওৰফে টিনু যাদৱ। চম্পতৰ গাড়ীৰ চালকো আছিল তেওঁ।
সূত্ৰ অনুসৰি, চম্পতে ঘনিষ্ঠ মহলত দাবী কৰিছে যে প্ৰণামীৰ চুৰিৰ মাষ্টাৰমাইণ্ড টিনু। বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ট্ৰাষ্টৰ পদৰ পৰা পদত্যাগ কৰে চম্পতে। তেওঁ ঘনিষ্ঠ মহলত কয় যে তেওঁ স্বতন্ত্ৰ আৰু নিৰপেক্ষ তদন্তৰ স্বাৰ্থত পদত্যাগ কৰিছে। অৱশ্যে তাৰ পিছতো অস্বস্তিয়ে পিছ এৰা নাছিল তেওঁৰ। চম্পতৰ লগতে অযোধ্যাৰ অধিবক্তাই ট্ৰাষ্টত থকা তেওঁৰ দুই সহযোগী অনিল মিশ্ৰ আৰু গোপাল ৰাওৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে বিশেষ তদন্তকাৰী দলে (SIT) তদন্তৰ পৰিসৰ বৃদ্ধি কৰাৰ সময়ত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শীঘ্ৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ এখন সভা অনুষ্ঠিত হোৱাৰ কথা। চম্পতৰ বিষয়টোও তাত আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত চম্পতৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পাছত তদন্ত কি দিশলৈ যাব সেই সম্পৰ্কে কৌতুহল বাঢ়িছে।












